NORTHEAST NOW (Assamese)

দীপাৱলীৰ মাজতে মৰিগাঁও আদালত চৌহদত চোৰৰ চাফাই অভিযান

November 15, 2020 12:51 pm · এন ই নাও নিউজ
Updated: November 15, 2020 1:00 pm

পোহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ উদ্দীপনাৰ মাজতে কালি মৰিগাঁও চহৰৰ আদালতৰ চৌহদত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহত  চোৰে নিশা চলালে চাফাই অভিযান ।

চোৰে আদালতৰ চৌহদত থকা উকিল সন্থাৰ কাৰ্যালয়, ন’টা চেম্বাৰৰ পৰাও কম্পিউটাৰ ছেটৰ লগতে আৰু বহু মূল্যৱান  সা-সামগ্ৰী লুট কৰাৰ উপৰি নগদ ধনো চুৰ কৰি লৈ যোৱা কাৰ্যই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰি চোৰৰ সন্ধানত জোৰদাৰ অভিযান আৰম্ভ কৰিছে যদিও এই প্ৰতিবেদন যুগুত কৰালৈ চোৰৰ কোনো সন্ধান মৰিগাঁও আৰক্ষীয়ে এই পৰ্যন্ত উলিওয়াবলৈ সক্ষম হোৱা নাই।

আশ্চৰ্যজনক বিষয় এয়ে যে মৰিগাঁও আদালতৰ চৌহদত থকা উক্ত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত সম্প্ৰতি কোনো নৈশ চকিদাৰৰ ব্যৱস্থা নথকাৰ সুবাদতে ইয়াৰ পূৰ্ৱেও বহুবাৰ এনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে উক্ত প্ৰতিষ্ঠানসমূহত ।

সেয়ে বিষয়টোৰ ক্ষেত্ৰত জিলা প্ৰশাসনক শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অপৰাধীসকলক কৰায়ত্ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে এগৰাকী নৈশ চকীদাৰ নিয়োগ কৰিবলৈয়ো জিলাখনৰ সচেতন মহলে দাবী জনাইছে ।

Related News