বন্দে ভাৰত মিছন: ১৪৯খন বিমানে কঢ়িয়াব ৪০ দেশত আবদ্ধ ভাৰতীয়

Vande Bharat Mission: 149 flights to bring back Indians stranded abroad

ফাইল ছবি।

আবদ্ধ ভাৰতীয়ক বিদেশৰ পৰা দেশলৈ ওভতাই অনাৰ বাবে আৰম্ভ কৰা বন্দে ভাৰত মিছনৰ দ্বিতীয় পৰ্য্যায় শনিবাৰে আৰম্ভ হৈছে।

এই মিছনৰ অধীনত ৪০খন দেশৰ পৰা আবদ্ধ ভাৰতীয়ক নিজ দেশলৈ কঢ়িয়াবলৈ ফীডাৰ ফ্লাইটকে ধৰি ১৪৯খন বিমান চলোৱা হ’ব।

দ্বিতীয় পৰ্য্যায়ৰ প্ৰথম দিনা ডুবাই আৰু আবু ধাবিলৈ এয়াৰ ইণ্ডিয়াৰ তিনিখন বিমান পঠিওৱা হৈছে।

বাতৰি মতে, ইউ এছৰ পৰা ১৩খন, ১১খন ইউ এ ই, ১০খন কানাডা, চৌদি আৰৱ আৰু ইউ কেৰ পৰা ৯খন, মালয়েছিয়া আৰু ওমানৰ পৰা ৮খন, কাজাখাস্তান আৰু অষ্ট্ৰেলিয়াৰ পৰা ৭খন বিমান চলিব।

বিমানসমূহৰ ৩১খন কেৰালা, ২২খন দিল্লী, ১৭খন কৰ্নাটক, ১৬খন তেলেংগানা, ১৪খন গুজৰাট, ১২খন ৰাজস্থান, নখন অন্ধ্ৰ প্ৰদেশ, সাতখন পঞ্জাৱ, বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ ছখনকৈ, তিনিখন ওড়িছা, দুখন চণ্ডীগড় আৰু জম্মু-কাশ্মীৰ, জয়পুৰ, মুম্বাই আৰু মধ্য প্ৰদেশলৈ এখনকৈ চলিব।

যোৱা ৭ মে’ত অসামৰিক বিমান মন্ত্ৰ্যালয়ে আৰম্ভ কৰা বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্য্যায়ৰ শনিবাৰে সামৰণি পৰিছে।

বিদেশ মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰসমূহৰ সহযোগত চলা এই মিছনৰ প্ৰথম পৰ্য্যায়ত ১২খন দেশ সামৰি লোৱা হৈছিল।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেশজোৰা লকডাউনৰ ফলত ভাৰতত সকলো যাত্ৰীবাহী ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বন্ধ ৰখা হৈছে।