NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ মৃত্যুত নগাঁৱত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

August 17, 2018 10:29 pm · মিণ্টু দাস
Updated: August 17, 2018 10:45 pm

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো শোকৰ ছাঁ পৰিছে। নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত কালিয়ে দলীয় পতাকা অৰ্দ্ধনমিত কৰি দলটোৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অগপ নেতা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই এক শোক বাৰ্তাত কয়, ‘বাজপেয়ীয়ে অসমৰ উন্নয়নৰ বাবে একাগ্ৰতাৰে কাম কৰিছিল। অসম আন্দোলনৰ সময়ত দুৰ্দশাগ্ৰস্ত অসমীয়া মানুহৰ খৱৰ ল’বলৈ তেওঁ অসমলৈ আহিছিল। নগাঁৱৰ চামগুৰি, পুৰণিগুদাম আদি অঞ্চললৈ গৈ বিদেশীয়ে ঘৰ-বাৰী জ্বলাই দিয়া মানুহবোৰৰ কাষলৈ গৈ সমবেদনা জনাইছিল। আছুৰ নেতা হিচাপে আমিও গৈছিলো তেওঁৰ লগত আৰু ঘনিষ্ঠভাবে তেওঁৰ লগত কথা পাতোতে বুজিছিলো অসমৰ প্ৰতি বাজপেয়ীৰ থকা গভীৰ অনুভৱৰ কথা।’

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ পিতামহ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, ‘তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজী আমাৰ মাজত সদায় জীয়াই থাকিব।তেওঁৰ দেহাবসান হ’লেও বাজপেয়ী ডাঙৰীয়া সকলোৰে হৃদয়ত অমৰ হৈ ৰ’ব।’ বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ নাথে বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় – দেশে এগৰাকী সুদক্ষ নেতাক হেৰুৱালে। আজি সন্ধ্যা দলটোৰ জিলা সমিতিৰ কাৰ্যালয়ত এক শোকসভা অনুষ্ঠিত হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ সভাপতি ভুপেন দা-ধৰা আৰু সম্পাদক শ্ৰীমন্ত ভুঞাই শোক প্ৰকাশ কৰি কয়, ‘বাজপেয়ীয়ে অসমক আন্তৰিকতাৰে ভাল পাইছিল। এইজন মহান নেতাৰ বিয়োগত আমি মৰ্মাহত হৈছো।’ অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি অতুল কুমাৰ মেধি আৰু সম্পাদক নিৰঞ্জন বৰাই বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক শোক সভাত অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে বাজপেয়ীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

ইপিনে, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নগাঁৱস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক শোকসভাত প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত স্বেচ্ছাসেৱী সংগঠনটোৰ সকলো কৰ্মচাৰী, বিষয়ববীয়াই পুষ্পাঞ্জলি দি গভীৰ শোক প্ৰকাশ কৰে। নগাঁও জিলা কৰ্মচাৰী পৰিষদ আৰু নগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক জীতেন হাজৰিকাই বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

আনহাতে, নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শ্ৰৰ্দ্ধা জনাই নগাঁও চহৰৰ মাজেৰে শোক সমদল বাহিৰ কৰি এক শোকসভা অনুষ্ঠিত কৰে।

নগাঁও চহৰৰ মাজেৰে নগাঁও জিলা কংগ্ৰেছ, এ আই ইউ ডি এফৰ নগা‌ঁও জিলা সমিতি, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, শ্ৰীমন্ত শংকৰ মিচনৰ সভাপতি ডা০ ধীৰেন বৰকাকতি আৰু সম্পাদক বল্লদেৱ শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, নগাঁও জিলা আমছু, নগাঁও জিলা জমিয়ত, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, আজুৰ নগাঁও জিলা সমিতি, নগাঁও প্ৰেছ ক্লাৱ, সদৌ অসম ভোজপুৰী যুৱ ছাত্র পৰিষদৰ মুখ্য উপদেষ্টা নৰেন্দ্ৰ প্ৰসাদ চৌহান, শিল্পী সমাজ অসম, নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনৰ সম্পাদক প্ৰভাত বৰা, সদৌ নগাঁও জিলা ম‌ইনা পাৰিজাত, মাৰোৱাৰী সমাজ আৰু ব্যৱসায়ী সন্থা আদিকে ধৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

Related News