মহিলা সমিতি, কৰ্মচাৰী পৰিষদ, শিক্ষক সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাট; ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ

নাগৰিকত্ব সংশোধনী বিধয়েক বাতিলৰ দাবীত আজিও উত্তপ্ত হৈ থাকে গোলাঘাট নগৰৰ ৰাজপথ। আজি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদ আৰু গোলাঘাট জিলা মহিলা সমিতিয়ে ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ১১ বজাৰ পৰা  জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীয়ে বিয়লি দুই বজা পৰ্যন্ত সমগ্র এলেকা উত্তপ্ত কৰি ৰাখে।

বিধেয়কৰ বিৰোধিতাৰে কৰ্মচাৰী পৰিষদৰ তিনিশৰো অধিক সদস্যই প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে। কৰ্মচাৰীসকলে জাতিধ্বংসী বিধয়েকখন গৃহীত হ’লে বিভিন্ন চৰকাৰী বিভাগৰ পৰা অসমীয়া জাতি অস্তিত্বহীন হৈ পৰিব বুলি মন্তব্য কৰে।

প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে বিধেয়ক বাতিলৰ দাবী জনায়। ধৰ্মঘটৰ অন্তত এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। পৰিষদৰ সভাপতি ৰূপজ্যোতি ফুকন আৰু সম্পাদক কৰুণা কান্ত ৰাজবংশীৰ নেতৃত্বত অনুষ্ঠিত সভাত বিভিন্ন দল-সংগঠনৰ নেতাই অংশ গ্ৰহণ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

আনহাতে একেদৰে ত্ৰিমূৰ্তি ক্ষেত্ৰৰ সন্মুখত গোলাঘাট জিলা মহিলা সমিতিয়েও প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহৰ লগতে আছু, আমছু, পেঞ্চনাৰ সন্থা আদিয়ে সহযোগ কৰে।

‘নাৰীশক্তি আহিছে ওলাই দেশদ্রোহীৰ নিস্তাৰ নাই’ এই শ্ল’গান লৈ একত্ৰিত হোৱা সমিতিয়ে ‘অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, ‘৭১ পিছৰ এজনো বাংলাদেশীৰ বোজা লোৱা নহ’ব’ বুলি তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

প্ৰায় দুঘণ্টীয়া উক্ত কাৰ্যসূচীৰ পিছতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ, ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ : 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি বিয়লি প্ৰায় তিনি বজাত অসম কলেজ শিক্ষক সন্থাৰ অন্তৰ্গত গোলাঘাট মণ্ডলৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট মণ্ডলৰ সভাপতি পবিত্ৰ মহন্ত আৰু সম্পাদক প্ৰেমকান্ত বৰাৰ নেতৃত্বত ৰাজপথলৈ ওলাই অহা শিক্ষকসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদী শ্ল’গান দিয়ে। ইয়াৰ পিছতে বিধয়েকখন বাতিলৰ দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।