সলনি হ’ব নেকি হিন্দুসকলৰ পবিত্ৰ চহৰ পুৰীৰ নাম? কি হ’ব নতুন নাম?

cover7-1

সলনি হ’ব নেকি হিন্দুসকলৰ পবিত্ৰ চহৰ পুৰীৰ নাম? বিষয়টোক লৈ বৰ্তমান উৰিষ্যাৰ ৰাজনৈতিক আৰু আধ্যাত্মিক মহলত ব্যাপক চৰ্চা চলি আছে।

ইতিমধ্যে কেইবাটাও সংগঠনে চহৰখনৰ নাম সলনি কৰিবলৈ প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিছে। পুৰীৰ শ্ৰী জগন্নাথ মন্দিৰ পৰিচালনা সমিতিয়েও বিষয়টো গুৰুত্বসহকাৰে লৈছে।

তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও পুৰীৰ নাম সলনি কৰাৰ দাবীৰ প্ৰতি সমৰ্থন জনাইছে। কিছুদিন পূৰ্বে তেওঁ পুৰীলৈ গৈছিল আৰু ভ্ৰমণকালত নাম সলোৱাৰ সপক্ষে মত পোষণ কৰে।

কিন্তু কি হ’ব পাৰে পুৰীৰ নতুন নাম? সাধাৰণতে বিশ্বজুৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত চহৰখনক পুৰুষোত্তম ধাম, শ্ৰী জগন্নাথ ধাম, শ্ৰীক্ষেত্ৰ ধাম হিচাপে জনা যায়।

১২শ শতিকাতে প্ৰতিষ্ঠা কৰা পুৰীৰ জগন্নাথ মন্দিৰক বৈষ্ণৱী হিন্দুসকলৰ চাৰিখন ধামৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ধাম হিচাপে গণ্য কৰা হয়।

সেইমৰ্মে সংগঠনসমূহে চহৰখনৰ নতুন নাম জগন্নাথ পুৰী অথবা জগন্নাথ ধাম পুৰী হিচাপে বাচনি কৰিছে।

অৱশ্যে পুৰীৰ নাম সলনি কৰাৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীয়ে।

শংকৰাচাৰ্যই কয় যে পুৰী এটা পৱিত্ৰ নাম। পুৰী বুলিলে সমগ্ৰ বিশ্বই জগন্নাথ মন্দিৰকে বুজে। সেয়ে ইয়াৰ নাম সলনি কৰাৰ কোনো প্ৰয়োজন নাই।

উল্লেখযোগ্য যে ১৮২৮ চনৰ ২৩ অক্টোবৰত ব্ৰিটিছে উৰিষ্যা ৰাজ্যক ভিন ভিন অঞ্চলৰ নামেৰে তিনিটা ভাগত বিভক্ত কৰিছিল। নামকেইটা হৈছে- বালেশ্বৰ, কটক আৰু জগন্নাথ। এই জগন্নাথ অঞ্চলটো আহিছে জগন্নাথ মন্দিৰৰ নামেৰে। পাছলৈ ইয়াক পুৰী নামেৰে উল্লেখ কৰা হয়।