NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী তিনিগৰাকী খেলুৱৈক জন্মস্থানত উষ্ম আদৰণি

May 4, 2019 1:57 pm · নীলমণি শৰ্মা
Updated: May 4, 2019 1:58 pm
উত্তৰ প্ৰদেশত সোণৰ পদক দখল কৰা অসমৰ খেলুৱৈ তিনিগৰাকী

উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ২য় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত চমকপ্রদ প্রদর্শনৰে সোণৰ পদক দখল কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যুৱ খেলুৱৈ তিনিগৰাকীক আজি কৃষ্ণাইত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়।

ৰে’ল যোগে উত্তৰ প্ৰদেশৰ পৰা নিজ গৃহত উপস্থিত হোৱা তিনিগৰাকী খেলুৱৈ ক্ৰমে শাকোমুৰিৰ  ইনামূল হক, ভেল্টাৰঘাটৰ হামিদুল ৰহমান আৰু বোল্লাৰ ছাইদুৰ ৰহমান ছাইদক গোৱালপাৰা জিলা আমছু, কৃষ্ণাই আঞ্চলিক আমছু, হালোৱা সংগ্ৰাম সমিতি আৰু কৃষ্ণাই মাদ্ৰাছা উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ে আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

বিভিন্ন দল-সংগঠনে আয়োজিত কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিকূল বতৰকো নেউচি ভালেসংখ্যক স্থানীয় নাগৰিকৰ লগতে ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে, কাৰাটে এচ’ছিয়েছন অব ইণ্ডিয়া (কাই) ৰ দ্বাৰা অনুমোদিত সংস্থা “অল ভাৰত চোট’কান কাৰাটে-ডু ফেডাৰেচ’ন”ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাবধানত উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত ২৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত ইনামূল হকে ৪৯ কিলোগ্ৰাম,হামিদুল ৰহমানে ৫৪ কিলোগ্ৰাম আৰু ছাইদুৰ ৰহমান ছাইদে ৬৭ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সোণৰ পদক অৰ্জন কৰে।

স্থানীয় ৰাইজৰে সম্বৰ্ধনা কাৰ্য্যসূচীত উপস্থিত থাকি খেলুৱৈ কেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভবিষ্যত কামনা কৰে।

Related News