ভাৰতীয় দলত নিৰ্বাচিত হৈয়ো অষ্ট্ৰেলিয়া ভ্ৰমণৰ পৰা বাহিৰ হ’বলগীয়া হ’ল বৰুণ চক্ৰৱৰ্তী

ভাৰতীয় ক্ৰিকেট দলৰ অষ্ট্ৰেলিয়া ভ্ৰমণ সন্দৰ্ভত বি চি চি আইয়ে আজি এক গুৰুত্বপূৰ্ণ সূচনা প্ৰদান কৰি ভ্ৰমণলৈ নিৰ্বাচিত খেলুৱৈৰ তালিকাত কিছু সালসলনি ঘটোৱা পৰিলক্ষিত হৈছে।

প্ৰথমে দলৰ পৰা বাহিৰত ৰখা অপেনাৰ ৰোহিত শর্মাক পুনৰ টেষ্ট দলত স্থান দিয়া হোৱাৰ বিপৰীতে প্ৰথমবাৰৰ বাবে টি-২০ দলত নিৰ্বাচিত হোৱা বৰুণ চক্ৰৱৰ্তী দলৰ পৰা বাহিৰ হৈছে।

উল্লেখ্য যে আই পি এলত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ টি-২০ দলত বৰুণৰ নাম বাছনি কৰা হৈছিল। প্ৰথমবাৰ তেওঁ ভাৰতীয় দলত স্থান লাভ কৰিছিল।

অষ্ট্ৰেলিয়াত তেওঁৰ অভিষেক ঘটিব বুলি সকলোৱে ধৰি লৈছিল যদিও আঘাতৰ বাবে তেওঁ এতিয়া দলৰ পৰা বাহিৰ হ’বলগীয়া হয়।

সোমবাৰে বি চি চি আইয়ে প্ৰকাশ কৰে যে কান্ধৰ আঘাতৰ বাবে বৰুণ চক্ৰৱৰ্তী টি-২০ শৃংখলাৰ পৰা বাহিৰ হৈছে।

আঘাতপ্ৰাপ্ত বৰুণৰ স্থানত নিৰ্বাচকসকলে টি নটৰাজনক বাছনি কৰিছে।

বৰুণে আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আৰু নটৰাজনে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল।

উল্লেখ্য যে চলিত আই পি এল বৰুণৰ বাবে অতি বিশেষ আছিল, য’ত তেওঁ বলিঙেৰে সকলোকে প্ৰভাৱিত কৰিছিল।

বৰুণে ছিজনত মুঠ ১৩ খন মেচ খেলি ১৭ টা উইকেট দখল কৰে। তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০ ৰানত ৫ টা উইকেট।