NORTHEAST NOW (Assamese)

মৰণোত্তৰ অংগদান বাধ্যতামূলক কৰিবলৈ সংসদত বিধেয়ক উত্থাপন কৰিব সাংসদ বৰুণ গান্ধীয়ে

August 13, 2020 7:45 pm · এন ই নাও নিউজ

অংগদানৰ প্ৰৱণতা এতিয়াও দেশবাসীৰ মাজত জাগ্ৰত হোৱা নাই। সেইবাবেই প্ৰতিবছৰে প্ৰয়োজনীয় অংগ সংৰোপণ কৰিব নোৱাৰি বহু লোকৰ মৃত্যু ঘটি আহিছে।

এনে পৰিস্থিতিত বিজেপিৰ পিলভিট সমষ্টিৰ সাংসদ বৰুণ গান্ধীয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে মৰণোত্তৰ অংগ দান বাধ্যতামূলক কৰাৰ বাবে এখন বিধেয়ক দাখিল কৰিব।

সাংসদ গান্ধীয়ে অংগ দান দিৱপৰ দিনাই টুইট কৰি এই কথা প্ৰকাশ কৰিছে।

বৰুণ গান্ধীয়ে কৈছে যে প্ৰয়োজনীয় অংগৰ অভাৱত বছৰি বহু লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। এই সমস্যাৰ সমাধানৰ বাবেই তেওঁ বাধ্যতামূলক অংগ দানৰ বিধেয়ক খন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিধেয়ক খন গৃহীত হ’লে দেশৰ লোক সকলে মৃত্যুৰ পিছত অংগ দান কৰাৰ বাবে ৰাষ্ট্ৰীয়পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব লাগিব।

অৱশ্যে কোনোৱাই ইচ্ছা কৰিলে পিছত সেই তালিকাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় যে দেশত প্ৰতি ১ লাখ জন লোকৰ ভিতৰত মাত্ৰ ০.০৮ শতাংশ লোকেহে মৰণোত্তৰ অংগ দান কৰে।

দেশত অংগ দানৰ অভাৱৰ বাবেই বছৰি প্ৰায় ২ লাখ বৃক্ক ৰোগী,৫০ হাজাৰ যকৃতৰ ৰোগী.৫০ হাজাৰ হৃদৰোগীৰ মৃত্যু হয়।

বিধেয়ক খন ছেপ্তেম্বৰ মাহত হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত বৰুণ গান্ধীয়ে উত্থাপন কৰিব।

Related News