• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামৰূপত পত্নীক হত্যাৰ অভিযোগত স্বামীক জেললৈ প্ৰেৰণ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 13, 2020 7:39 pm
Husband sent to jail for allegedly murdering wife in Namrup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাগুনৰ জীয়ৰী তথা নামৰূপ থানাৰ অন্তৰ্গত নিগামৰ বোৱাৰী দীপাক স্বামীৰ দ্বাৰা পৰিকল্পিত ভাবে হত্যাৰ অভিযোগৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি দহ বছৰ পূৰ্বে প্ৰেম বিবাহ সম্পন্ন হৈছিল নাহৰকটীয়াৰ অভিজিত সোণোৱাল আৰু মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ দীপা পাতিৰৰ মাজত।

Apply Now

বিয়াৰ এবছৰৰ পাছতে তেওঁলোকৰ সংসাৰলৈ‌ আহিছিল এটি পুত্ৰ সন্তান। কিন্তু লাহে লাহে অভিজিত আসক্ত হৈছিল নিচাযুক্ত সামগ্ৰীৰ প্ৰতি।

তেতিয়াৰ পৰাই দীপাৰ ওপৰত আৰম্ভ হৈছিল শাৰীৰিক অত্যাচাৰ। কেতিয়াবা পইচা খুজি মাৰধৰ নহ’লে কেতিয়াবা বিনা অজুহাতত মাৰধৰ।

দীপাৰ নিজ ঘৰটো দীপাক স্বামীয়ে মাৰধৰ কৰা বুলি পৰিয়ালৰ লোকে আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।

৭ জুন ২০২০ তাৰিখে নিশা প্ৰায় ১১ বজাত স্বামী অভিজিতে নিচাসক্ত হৈ দীপাক গালি-গালাজ কৰাৰ লগতে মাংস বনাবলৈ জোৰ কৰে।

দীপাই অতীষ্ঠ হৈ মাংস বনাবলৈ গেছ বাৰ্নাৰটো জ্বলাওঁতে হঠাৎ জুয়ে তাইক চানি ধৰে।

তাই  দৌৰি বাহিৰৰ মাটিত বাগৰি জুই নুমুৱাবলৈ সক্ষম হয় যদিও গুৰুতৰভাৱে দেহত জুই লগাৰ ফলত পৰৱৰ্তী সময়ত তাইক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয় আৰু কিছুদিনৰ পাছত তাই অলপ সুস্থ হৈ উঠে।

চিকিৎসকে দৰৱ-পাতি সময়মতে যোগান ধৰাৰ নিৰ্দেশ দি তাইক স্বামীৰ সৈতে ঘৰলৈ পঠিয়াই দিয়ে।

ঘৰলৈ অহাৰ পাছত স্বামীয়ে চিকিৎসকৰ নিৰ্দেশ অনুসৰি চিকিৎসা কৰাৰ পৰিৱৰ্তে গাঁৱলীয়া চিকিৎসা কৰা বুলি দীপাৰ নিজ মাতৃয়ে জানিবলৈ দিছে।

তেতিয়াৰ পৰা পুনৰ দীপাৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰে। নিজ জীয়ৰীৰ এই কষ্ট দেখিব নোৱাৰি মাতৃয়ে দীপাক জাগুনৰ নিজ ঘৰলৈ লৈ আহে আৰু পুনৰ ডিব্ৰুগড় চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে হাত দাঙি দিয়ে।

ফলত বুধবাৰে নিশা দীপাৰ নিজগৃহত মৃত্যু ঘটে।

অভিজিতে নিজ পত্নীক পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি দীপাৰ পৰিয়ালে অভিযোগ উত্থাপিত কৰি অভিজিতৰ বিৰুদ্ধে দীপাৰ পৰিয়ালে জাগুন থানা আৰু নামৰূপ থানত এজাহাৰ দাখিল কৰাত যোৱা নিশা নামৰূপ আৰক্ষীয়ে অভিযুক্ত স্বামীক নামৰূপ থানা গোচৰ নং ১১৬ /২০, ভাৰতীয় দণ্ড বিধিৰ ৩০২, ৩০৭, ২২৬এ-ত পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

আজি দীপাৰ মৃত্যুৰ খবৰ বিয়পি পৰাত নামৰূপৰ নিগাম আৰু মাৰ্ঘেৰিটা মহকুমাৰ জাগুন অঞ্চলত শোঁ‌কৰ ছাঁ‌ পৰাৰ লগতে দুইটা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd