ল’কডাউনৰ গইনা লৈ শিৱসাগৰত বিজেপিৰ প্ৰভাৱশালী নেতাই চলাইছে পাচলিৰ চিণ্ডিকেট

ল’কডাউনৰ বাবে দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা অৱস্থা হৈ থকাৰ বিপৰীতে একাংশই ইয়াৰ গইনা লৈ চিণ্ডিকেট চলাই পকেট গৰম কৰাত নামি পৰিছে। শাসকীয় দল বিজেপিৰ প্ৰভাৱশালী নেতাৰ চত্ৰছায়াত চলিছে এই চিণ্ডিকেট কাৰ্য্য।

শিৱসাগৰ জিলাৰ নাজিৰা-শিমলুগুৰিত এতিয়া চলিছে সেউজীয়া পাচলিৰ চিণ্ডিকেট। প্ৰতিখন পাচলিৰ গাড়ীৰ পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰে চিণ্ডিকেট চক্ৰটোৱে।

নাজিৰাৰ বিজেপিৰ প্ৰভাৱশালী নেতা ডাঃ প্ৰৱীণ কোঁৱৰ, যুৱ নেতা পলাশ প্ৰতীম শইকীয়া আৰু সৌৰভ দত্তকে ধৰি বহু নেতা এই চক্ৰত জড়িত থকাৰ অভিযোগ। আনকি চিণ্ডিকেটৰ ধনেৰেই নাজিৰাৰ এটা কুৱাৰেণ্টাইন চেন্টাৰত প্ৰতিদিনে আহাৰ যোগান ধৰা হয়।

সাংবাদিকৰ গোপন অভিযানত ফাদিল হয় এই তথ্য। চিণ্ডিকেটত জড়িত এজন যুৱকে সাংবাদিকৰ গোপন কেমেৰাত কেনেদৰে প্ৰতিখন গাড়ীৰ পৰা ১০ হাজাৰ টকাকৈ সংগ্ৰহ কৰে, কোন কোন বিজেপি নেতা জড়িত হৈ আছে এই কথা প্ৰকাশ কৰে।

যুৱকজনে প্ৰকাশ কৰা মতে নাজিৰাৰ নৱোদয় বিদ্যালয়ত থকা কুৱাৰেণ্টাইন শিবিৰত থকা ব্যক্তিসকলক খিচিৰি খুৱাবৰ বাবে চলোৱা হৈছে এই পাচলিৰ চিণ্ডিকট।

ইফালে চিণ্ডিকেটৰ টকাৰে প্ৰশাসনে কুৱাৰেণ্টাইন শিবিৰৰ ব্যক্তিসকলক খাদ্য যোগান ধৰা কাৰ্যই নাজিৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাজ্য চৰকাৰৰ দুৰ্যোগ আৰু প্ৰশমন মন্ত্ৰী যোগেন মহনে নাজিৰা নৱোদয় বিদ্যালয়ত স্থাপন কৰা কুৱাৰেণ্টাইন শিবিৰৰ বাবে পাঁচ লাখ টকাৰ অনুদান পোৱাৰ পাছতো প্ৰায় ৭৫জন লোকৰ খাদ্যৰ বাবে চিণ্ডিকেট চক্ৰই কিয় আহাৰ যোগান ধৰিব লগীয়া হৈছে বুলি সচেতন মহলে প্ৰশ্ন তুলিছে।

উল্লেখযোগ্য যে পাচলি বিক্ৰীৰ বাবে নিষিদ্ধ শিমলুগুৰিৰ বুধবৰীয়া সাপ্তাহিক বজাৰত ল’কডাউনৰ কোনো নীতি নিৰ্দেশনা নামানি চিণ্ডিকেট চক্ৰই আজি পাচলি বিক্ৰী কৰে। মাস্ক পৰিধান নকৰি কোনো ধৰণৰ সামাজিক দূৰত্ব নিয়ম নামানি শিমলুগুৰি বজাৰত পাচলি বিক্ৰী কৰা দেখা যায়।