পুনৰ ভেন্সাৰ শিক্ষকৰ আত্মহনন : চৰকাৰক ধিক্কাৰ ভেন্সাৰ শিক্ষক সন্থাৰ

suicide-750x375

প্রতিনিধিত্বমূলক ফটো

অইন দেশৰ লোকৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰা  চৰকাৰখনে নিজ ৰাজ্যৰ  ভেন্সাৰ শিক্ষকৰ দুৰৱস্থাক কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলশ্ৰুতিত ৰাজ্যত বৃদ্ধি পাইছে ভেন্সাৰ শিক্ষকৰ আত্মহননৰ ঘটনা ৷

পূৰ্বৰ চৰকাৰৰ দিনত ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে লাভ কৰি থকা আৰ্থিক সাহাৰ্যখিনিও বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰখনে কাঢ়ি নিয়াৰ ফলত আৰ্থিক দীনতাত ভূগি শুকুৰবাৰে পুনৰ গোৰেশ্বৰত এগৰাকী ভেন্সাৰ শিক্ষকে আত্মহননৰ দৰে চৰম পথ বাছি লবলৈ বাধ্য হয় ৷

আত্মহননৰ পথ গ্ৰহণ কৰা দুৰ্ভগীয়া শিক্ষক গৰাকী হল অতুল কলিতা(৪৮) ৷ বাক্সা জিলাৰ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নিজ কচুনী পুখুৰীৰপাৰ মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অতুল কলিতাই কালি নিজ বাসভৱনতে আত্মহননৰ দৰে চৰম পথ গ্ৰহণ কৰে ৷

শিক্ষকগৰাকীৰ আত্মহননৰ  ঘটনাৰ বাবে ৰাজ্য চৰকাৰক ধিক্কাৰ জনায় অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ আৰু “অল আসাম ইলিজেবুল কাম ৰিক’মেণ্ডেড টিচিং এণ্ড নন টিচিং এছ’চিয়েশ্যন” নামৰ শিক্ষক সংগঠন দুটাই ৷

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ছাবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক বিবৃতিত অইন দেশৰ লোকৰ প্ৰতি বিশেষ দৰদ দেখুওৱা ৰাজ্য চৰকাৰৰ মুৰব্বীসকলে নিজ ৰাজ্যৰ ভেন্সাৰ শিক্ষকৰ দুৰৱস্থাৰ বিষয়ে হৃদয়ংগম কৰিব নোৱাৰাটো ডাঙৰ ৰহস্য বুলি  উল্লেখ কৰে ৷

পূৰ্বৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ১৫ আগষ্টৰ ভিতৰত প্ৰাদেশিকীকৰণৰ কাম সম্পন্ন হ’ব বুলি ঘোষণা আগবঢ়াইছিল যদিও তেনে  ঘোষণা মন্ত্ৰীগৰাকীয়ে  আজিলৈ কাৰ্যকৰী নকৰাত ৰাজ্যত কেইবাগৰাকী শিক্ষকে আৰ্থিক সংকটত ভূগি অকালতে ইহ সংসাৰৰ পৰা বিদায় লোৱা বুলিও সংগঠনটোৱে উল্লেখ কৰে ৷

ইপিনে,”অল আসাম ইলিজেবুল কাম ৰিক’মেণ্ডেড টিচিং এণ্ড নন টিচিং এছ’চিয়েশ্যন”ৰ সভাপতি আৰু সম্পাদক ক্ৰমে ধৰ্মেশ্বৰ বড়ো আৰু সফিকুল ইছলাম ভুট্টয়ে  জনায় যে, নিৰ্বাচনৰ সময়ত প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত আঢ়ৈ বছৰত এখনো ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ নকৰাত শিক্ষকৰ আত্মহননৰ ঘটনা উদ্বেগজনকভাবে বৃদ্ধি পাব ধৰিছে ৷

পূৰ্বৰ চৰকাৰৰ দিনত ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে লাভ কৰি থকা আৰ্থিক সাহায্যখিনিও এইখন চৰকাৰে কাঢ়ি নিয়াৰ ফলত আৰ্থিক দীনতাত ভূগি ভেন্সাৰ শিক্ষক কৰ্মচাৰী সকলে মৃত্যুৰ ক্ষণ গণি থকা বুলিও সংগঠনটোৱে উল্লেখ কৰে ৷