হাস্পাতালত ভৰ্তি অভিনেতা-পৰিচালক অমল পালেকৰ; কি হৈছে ‘গোলমাল’ৰ নায়কগৰাকীৰ?

amol-palekar-1573454031

বলীউদৰ লগতে মাৰাঠী চলচ্চিত্ৰ জগতৰ এগৰাকী বলিষ্ঠ বৰ্ষীয়ান অভিনেতা অমল পালেকৰক হাস্পাতালত ভৰ্তি কৰা হৈছে। তেওঁ কোভিড-১৯ত আক্ৰান্ত হৈছে।

সত্তৰৰ পৰা আশীৰ দশকত বলীউদৰ ‘ৰজনীগন্ধা’, ‘ছোটি চি বাত’, ‘গোলমাল’, ‘শ্ৰীমান শ্ৰীমতী’,’ৰং-বিৰংগি’,’ভূমিকা’, ‘আনকহি’,’নৰম-গৰম’ৰ দৰে কেইবাইখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল পালেকাৰ।

প্ৰসিদ্ধ অভিনেতা গৰাকীক পুনেৰ দীননাথ হাস্পাতালত ভৰ্তি কৰা হৈছে। অবিনেতাগৰাকীৰ পত্নী সন্থ্যা গোখলেই জানিবলৈ দিয়া মতে পালেকৰৰ স্বাস্থ্য অৱস্থা বৰ্তমান সুস্থিৰ।

বুধবাৰে হাস্পাতালত ভৰ্তি কৰোৱা অভিনেতাগৰাকী বৰ্তমান চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে।

পালেকৰৰ পত্নী সন্ধ্যাই জানিবলৈ দি কয়, ‘এইটো তেওঁৰ পুৰণি ৰোগ। ১০বছৰ আগেয়েও অতিৰিক্ত ধূমপানৰ বাবে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান তেওঁ ভালে আছে।‘

অভিনেতা হিচাপেই নহয়, এগৰাকী পৰিচালক হিচাপেও অমল পালেকৰে খ্যাতি লাভ কৰিছে। ২০২১চনত তেওঁ পৰিচালনা কৰা মাৰাঠী ছবি ‘ধ্যাচ পৰ্ব’ই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। তেওঁ পৰিচালনা কৰা আন এখন ছবি ‘কোৱেষ্ট’য়েও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত হৈছিল।  

অমল পালেকৰে ১৯৮৬চনৰ পৰা অভিনয় বাদ দি পৰিচালনাৰ দিশত মনোনিৱেশ কৰিছিল। তেওঁ প্ৰায় ২৫খন ছবি পৰিচালনা কৰিছে।