সুদক্ষ অভিনেত্ৰী বীণা দাস বৰাৰ পৰলোক, বৰপেটাত শোকৰ ছাঁ

Veteran actress Bina Das Bora passes away

সুদক্ষ অভিনেত্ৰী, সৰবৰাহী মহিলা, বৰপেটা চহৰৰ মেটুৱাকুছি নিবাসী বীণা দাস বৰাৰ মঙলবাৰে নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷

বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ কালি শেষ নিশ্বাস ত্যাগ কৰা বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৫ বছৰ৷

ওদালগুৰিত জন্ম গ্ৰহণ কৰা বীণা বৰাই পূৰ্বজ্যোতি থিয়েটাৰৰ যোগেদি নাট্য জগতত প্ৰৱেশ কৰি নটসূৰ্য ফণী শৰ্মাৰ লগত চিৰাজ নাটকত সৰু সীতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল৷

পিছত আসাম ষ্টাৰ থিয়েটাৰতো অভিনয় কৰি বৰাই এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী সফল অভিনেত্ৰী হিচাপে খ্যাতি অৰ্জন কৰিছিল৷

সত্তৰৰ দশকত নাট্যকাৰ কিৰণ দাস ৰচিত আৰু বিশিষ্ট নাট পৰিচালক মুনীন বায়ন পৰিচালিত বৰপেটাৰ মিলন মন্দিৰত মঞ্চস্থ হোৱা ‘ছাই’ নাটকত বীণা বৰাই অভিনয় কৰাৰ লগতে নাটখনৰ মূল গীত এটাতো কণ্ঠদান কৰিছিল৷

এয়াই আছিল অভিনেত্ৰী বৰাৰ বৰপেটাত প্ৰথম মঞ্চাভিনয়৷

উক্ত নাটখনৰে সংগীত পৰিচালনাৰ দায়িত্বত থকা সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ বৰপেটা চহৰৰ মেটুৱাকুছি নিবাসী ভবেন দাসৰ সৈতে বীণা বৰাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু ১৯৭৬ চনত দাসৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷

বোৱাৰী অৱস্থাটো বৰাই বৰপেটাত চিন্ময় দাস, লিয়াকৎ আলী আৰু বিশ্বজিৎ ওজাৰ পৰিচালনাত যৌতুকবিৰোধী “হনুমান সাগৰ বান্ধা চাউ”, “সমীকৰণৰ পাতনি”, “মোৰে মলুৱাক কোনে মাৰিলা”, “ৰজা আহে”, “সদগতি”, “ৰজা হৰিশ্চন্দ্ৰ”, “নিংনি পুৰাণ” আদি কেবাখনো নাটত অভিনয় কৰিছিল৷

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত ৰাজ্যিক নাট প্ৰতিযোগিতাত “হনুমান সাগৰ বান্ধা চাউ” নাটকত দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰাৰ উপৰি নাটখন শ্ৰেষ্ঠদল হিচাপে বিবেচিত হোৱাত ৰাজ্য চৰকাৰৰ তত্বাৱধানত উক্ত নাটখন অসমৰ ভালেমান স্থানৰ উপৰি দিল্লী, জয়পুৰ আৰু লক্ষ্ণৌত মঞ্চত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল৷

অসম সাহিত্য সভাৰ দ্বাৰা ২০১৯ চনত ভ্ৰাম্যমাণ থিয়েটাৰ বঁটাৰে সন্মানিত অভিনেত্ৰী বৰাৰ মৃত্যুত বৰপেটাৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সুদক্ষ অভিনেত্ৰী বৰাৰ মৃত্যুত অসমৰ নাট্যজগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে৷