জঘণ্য কাণ্ড! সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা পুত্ৰৰ; ঘৰুৱা সহায়ক সহ পুত্ৰক গ্ৰেপ্তাৰ

Veteran actress Veena Kapoor murdered by son পুত্ৰই সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা কৰা ঘটনাৰ পিছত শনিবাৰে মুম্বাইৰ বিনোদন জগতত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰে।

অভিনেত্ৰী বীনা কাপুৰক তেওঁৰ কনিষ্ঠ পুত্ৰ শচীন কাপুৰে বেছবল বেটেৰে উপৰ্যুপৰি মূৰত আঘাত কৰি হত্যা কৰিছিল। মুম্বাই আৰক্ষীয়ে এতিয়ালৈকে হত্যাৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ পুত্ৰ আৰু ঘৰুৱা সহায়কক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: IIT Guwahati: প্ৰতিষ্ঠান চৌহদৰ ভিতৰৰ কোৱাৰ্টাৰত উদ্ধাৰ আইআইটি গুৱাহাটীৰ অধ্যাপকৰ মৃতদেহ

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰবীণ অভিনেত্ৰীগৰাকীক তেওঁৰ পুত্ৰই বেছবল বেটেৰে প্ৰহাৰ কৰি হত্যা কৰিছিল। তাৰ পিছত তেওঁৰ শৰীৰটো প্লাষ্টিকৰ মোনা এখনত ভৰাই ৯০ কিলোমিটাৰ দূৰত এক পৰিত্যক্ত জংঘলত পেলাই দিছিল।

বীনাৰ সহ-অভিনেতা নীলু কোহলীয়ে প্ৰথমে এই হত্যাৰ ঘটনাটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

নীলুৱে কৈছিল যে হত্যাৰ পিছত তেওঁৰ পুত্ৰই মুম্বাইৰ পৰা ৯০ কিলোমিটাৰ দূৰত মাথেৰণৰ এখন নদীত তেওঁৰ মাতৃৰ মৃতদেহ পেলাই দিছিল।

লগতে পঢ়ক: FIFA World Cup 2022: ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী! ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স

বীনাৰ জ্যেষ্ঠ পুত্ৰ আমেৰিকাত বাস কৰে। তেওঁ বীনাৰ সৈতে ফোনত যোগাযোগ কৰিব নোৱাৰাত জুহু আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল। আৰক্ষীয়ে তেতিয়াই হত্যাৰ ঘটনাটো পোহৰলৈ আনে।

শচীনে ইতিমধ্যে আৰক্ষীৰ জিম্মাত মাকক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। তেওঁ কৈছে যে তেওঁ ১২ কোটি টকাৰ মাটিৰ বাবে মাকৰ সৈতে তৰ্কত লিপ্ত হৈছিল। সেই সময়তে তেওঁ খঙত মাকক হত্যা কৰিছিল।