NORTHEAST NOW (Assamese)

কোভিড আক্ৰান্ত হৈ গোলাঘাটৰ প্ৰবীণ চিত্ৰ ও ভাস্কৰ্য শিল্পী সন্তোষ বৰাৰ মৃত্যু

May 9, 2021 3:40 pm · মীনাক্ষী ফুকন

আজি পুৱাই এটা দুখৰ খবৰে মৰ্মাহত কৰিলে গোলাঘাটবাসীক।

যোৱা কিছুদিন পূৰ্বে কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা গোলাঘাটৰ পুৰণা আমোলাপট্টিস্থিত নিৱাসী তথা চিত্ৰ ও ভাস্কৰ্য শিল্পী সন্তোষ বৰাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি এই জগত ত্যাগ কৰিলে।

যোৰহাট মেডিকেল কলেজ কোভিড হাস্পাতালত আই চি ইঊ ত থকা শিল্পীজনৰ আজি পুৱা প্ৰায় ৫৬ বছৰ বয়সত মৃত্যুক সাৱটি লয়।

গোটেই জীৱন চিত্ৰ ও ভাস্কৰ্য শিল্পৰ চৰ্চা কৰি অহা সন্তোষ বৰাই শেহতীয়াকৈ অসম চৰকাৰৰ শিল্পী বঁটা পাবলৈও সক্ষম হৈছিল।

ইয়াৰোপৰি গোলাঘাটৰ কেইবাখনো চিত্ৰকলা বিদ্যালয়ৰ সৈতেও জড়িত আছিল।

আজি এনে এগৰাকী প্ৰবীণ শিল্পীৰ মৃত্যুৰ খবৰে গোলাঘাট চহৰত শোকৰ ছাঁ পেলাইছে।

মৃত্যুৰ সময়ত শিল্পীজনে পত্নী, মাতৃৰ লগতে তিনিটিকৈ সন্তান আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে।

Related News