• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিবিৰোধী প’ষ্ট! ফেচবুকে নিলম্বন কৰিলে কেৰেলাৰ এইগৰাকী প্ৰসিদ্ধ কবিৰ ফেচবুক পেজ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2021 3:23 pm
(কবি কে সচ্ছিদানন্দন, ফাইল ফটো)

(কবি কে সচ্ছিদানন্দন, ফাইল ফটো)

227
VIEWS
Share on FacebookShare on Twitter

প্ৰসিদ্ধ মালয়ালী কবি কে সচ্ছিদানন্দনৰ ফেচবুক পেজটো শুকুৰবাৰে ফেচবুক কৰ্তৃপক্ষই ২৪ ঘণ্টাৰ বাবে বন্ধ কৰি থোৱাৰ ব্যৱস্থা লয়।

কেৰেলা বিধানসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত কবিগৰাকীয়ে দলটোৰ ওপৰত ব্যংগাত্মক এটা ভিডিঅ’ প’ষ্ট কৰাৰ বাবেই ফেচবুকে এই ব্যৱস্থা লয়।

ৰাজ্যখনৰ শীৰ্ষ সংবাদমাধ্যম ‘মনোৰমা অনলাইন’ক কবিগৰাকীয়ে জনোৱামতে, অমিত শ্বাহ আৰু বিজেপিৰ কেৰেলা শাখাৰ ওপৰত ব্যংগাত্মক ভিডিঅ’ পষ্ট কৰাৰ বাবে তেওঁৰ ফেচবুক পেজটো বন্ধ কৰা হয়।

ভিডিঅ’টো তেওঁ হোৱাটচাপৰ জৰিয়তে লাভ কৰা বুলি জনায়।

কবিগৰাকীয়ে এন ডি টিভিক জনোৱামতে, ভিডিঅ’টো আচলতে এখন চিনেমাৰ এটা ক্লিপিংছ, য’ত পৰাজীত হোৱাৰ পাছত হিটলাৰে তেওঁৰ সৈনিকসকলক ভাষণ প্ৰদান কৰি আছে।

উক্ত ক্লিপিংছটোত মালয়ালম ধাৰভাষ্য এডিট কৰি দিয়া হৈছে আৰু ধাৰভাষ্যটোৰে অমিত শ্বাহ আৰু এজন জ্যেষ্ঠ বিজেপি নেতাই কেৰেলাত পৰাজয়বৰণ কৰাৰ পাছত দলীয় কৰ্মীসকলক ভাষণ দি থকাক বুজোৱা হৈছে।

”প’ষ্টটো ব্যংগাত্মক আছিল, ই  এটা সমালোচনামূলক কিন্তু কাৰোৰে প্ৰতি অৱমাননাজনক নাছিল।”- কবিগৰাকীয়ে কয়।

”এয়া স্পষ্টভাৱে বাকস্বাধিনতাৰ ওপৰত দমন।”- তেওঁ কয়।

(২৪ ঘণ্টীয়া নিলম্বনৰ পাছত ফেচবুকত কবিগৰাকীৰ বক্তব্য)

”বাৰ বছৰৰ কাব্যচৰ্চা আৰু প্ৰতিবাদক চব্বিশ ঘণ্টীয়া এটা মৌনতাই মচি পেলোৱাটো কঠিন।”- শনিবাৰে কবিগৰাকীয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কবিগৰাকীয়ে কয় যে তেওঁ ল’ব লগা স্থিতি সম্পৰ্কে তেওঁ জানে।.

কবিগৰাকীৰ পেজটো ফেচবুকে এইদৰে নিলম্বন কৰা কাৰ্যক সমালোচনা কৰিছে কংগ্ৰেছ সাংসদ শশী থাৰুৰে।

Deplorable that @Facebook has suspended the account of one of Kerala’s greatest living poets, @Satchida (K. Satchidanandan, former Secy of the SahityaAkademi), for posting a video about BJP’s defeat in the Kerala Assembly elections. We must not allow censorship into our politics!

— Shashi Tharoor (@ShashiTharoor) May 8, 2021

থাৰুৰে ইয়াক ‘নিন্দাজনক’ আখ্যা দি কয় যে আমাৰ ৰাজনীতিত আমি চেঞ্চৰশ্বিপক অনুমতি দিব নোৱাৰে।

উল্লেখযোগ্য যে নিজস্ব কাব্যপ্ৰতিভাৰে দেশজুৰি সমাদৃত ৭৪ বৰ্ষীয় কে সচ্ছিদানন্দনই ২০১২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd