গুজৰাট নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত! দলৰ পৰা পদত্যাগ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীৰ

গুজৰাটত ষষ্ঠবাৰৰ বাবে বিজেপি পুনৰ ক্ষমতালৈ উভতি আহিব বুলি বিভিন্ন সমীক্ষাই ভৱিষ্যতবাণী কৰিলেও ৰাজ্যখনৰ গেৰুৱা শিবিৰত এতিয়াও অস্থিৰতা অব্যাহত আছে। কেইদিনমান পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰ সিং বাঘেলাৰ পুত্ৰই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল। এইবাৰ দলটোৰ আন এজন প্ৰভাৱশালী নেতাই বিজেপি ত্যাগ কৰিছে।

গুজৰাটৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তথা চাৰিবাৰৰ বিধায়ক জয় নাৰায়ণ ব্যাসে শনিবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টি ত্যাগ কৰে। প্ৰবীণ নেতাজনে কয় যে তেওঁ বিজেপি নেতৃত্বৰ প্ৰতি বিতুষ্ট হৈয়েই দল ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক:  সমুখত নিৰ্বাচন: ৭২ ঘণ্টাৰ বাবে বন্ধ হ’ব ভাৰত-নেপাল সীমান্ত

তেওঁ কয় যে তেওঁ তেওঁৰ পুৰণি আসন সিদ্ধপুৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰিব। তেওঁ আম আদমী পাৰ্টি আৰু কংগ্ৰেছ দুয়োটাৰে বাবে পথ মুকলি ৰাখিছে। অৱশ্যে বিজেপি নেতাজনে তেওঁৰ পদত্যাগ পত্ৰত কোনো কাৰণ উল্লেখ কৰা নাই।

জয় নাৰায়ণ ব্যাস চাৰিবাৰৰ বিধায়ক। তেওঁ বিজেপিৰ টিকটত মুঠ সাতবাৰ প্ৰতিদ্বন্দিতা কৰিছে। তেওঁ ২০১৭ চনত এজন কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল। বিজেপিয়ে এইবাৰ নিজৰ পছন্দৰ সিদ্ধপুৰ আসনৰ পৰা ব্যাসক প্ৰাৰ্থিত্ব দিবলৈ সাজু নহয়। এইটোৱেই মুখ্যতঃ তেওঁৰ দলত্যাগৰ কাৰণ।

জানিব পৰা গৈছে যে তেওঁ কংগ্ৰেছ আৰু আপ শিবিৰ দুয়োটাৰে সৈতে যোগাযোগ কৰি আছে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি, ব্যাসে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কথা পাতিছে। আপেও দাবী কৰিছে যে গুজৰাটৰ প্ৰাক্তন মন্ত্ৰীজন তেওঁলোকৰ সৈতেও যোগাযোগত আছে।

লগতে পঢ়ক: ৰক্তাক্ত কলকাতাৰ ৰাজপথ: দেৱাল নিৰ্মাণক কেন্দ্ৰ কৰি কাজিয়া, চোকা অস্ত্ৰৰ ঘাপত গুৰুতৰভাৱে আহত ছয়গৰাকী

একেৰাহে ২৭ বছৰ শাসনত থকাৰ পিছত গুজৰাটত ক্ষমতা-বিৰোধী ঢৌ শক্তিশালী। তাৰ পিছত মোৰবীৰ দুৰ্ঘটনাটোৱে গেৰুৱা শিবিৰৰ বাবে চিন্তা বৃদ্ধি কৰিছে। যোৱাবাৰ মোডী-অমিত শ্বাহৰ দলে পাঁচবাৰৰ ভিতৰত আটাইতকৈ কম আসন লাভ কৰিছিল। ১৮২ খন আসনৰ ভিতৰত ৯৯ খন আসন পাইছিল। কংগ্ৰেছে ৭৭ খন আসন লাভ কৰিছিল। বাকীবোৰে মিলি পাইছিল ৬ খন আসন। পাঁচ বছৰ পাৰ হৈ গ’ল। পাঁচ বছৰত বিজেপিয়ে আনকি মুখ্যমন্ত্ৰীও সলনি কৰিব লগা হৈছে।