প্ৰবীণ আমোলা যতীন হাজৰিকাক সম্বৰ্ধনা জনালে প্ৰকাশনগোষ্ঠী অম্বেষাই

অসমৰ এগৰাকী প্ৰৱীণ আমোলা, ছগৰাকীকৈ মুখ্যমন্ত্ৰীৰ সচিব হিচাবে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা আৰু আধুনিক অসম নিৰ্মাণৰ আঁৰৰ ব্যক্তিসকলৰ অন্যতম যতীন হাজৰিকাক আজি তেখেতৰ বাসভৱনত এটা অনুষ্টুপীয়া অনুষ্ঠানত অন্বেষাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

প্ৰাক্তন গৃহ সচিব আৰু নিবন্ধকাৰ ধীৰেন্দ্ৰনাথ শইকীয়া, অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু প্ৰখ্যাত উদ্যোগী এছ কে জৈনৰ উপস্থিতিত প্ৰথমতে সম্বৰ্ধনা পত্ৰ পাঠ কৰে অন্বেষাৰ সভাপতি পৰেশ মালাকাৰে।

অন্বেষাৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী অন্যতম সদস্য যতীন হাজৰিকাৰ সৈতে থকা অন্বেষাৰ সম্পৰ্কৰ বিষয়েও মালাকাৰে নিজৰ ভাষণত কৃতজ্ঞতাৰে সোঁৱৰে।

সম্বৰ্ধনা পত্ৰ পাঠৰ পিছতে হাজৰিকাক এখন স্বল আৰু গামোছাৰে সম্বৰ্ধনা জনায় ক্ৰমে ধীৰেন্দ্ৰনাথ শইকীয়া আৰু এছ কে জৈনে।

দুয়োগৰাকী ব্যক্তিয়ে হাজৰিকাৰ সৈতে থকা তেখেতসকলৰ সান্নিধ্যৰ বিষয়েও অনুষ্ঠানটোত দুআষাৰ কয়। সম্বৰ্ধনাৰ শেষত হাজৰিকাই তেখেতৰ চাকৰি জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু ঘাত-প্ৰতিঘাতৰ বিষয়ে চমুকৈ দুআষাৰ কয়।

এই সকলো অভিজ্ঞতাৰ বিষয়ে তেখেতে তেখেতৰ স্মৃতিকথাত বিস্তাৰিতভাৱে লিখি থৈছে বুলিও তেখেতে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে মূল ইংৰাজীত লিখা হাজৰিকাৰ স্মৃতিকথাৰ অসমীয়া ৰূপান্তৰ “সিংহাসনৰ পিছৰ ছাঁ: অসম প্ৰশাসনত মোৰ দিনবোৰ” শীৰ্ষক গ্ৰন্থখন অলপতে অন্বেষাই প্ৰকাশ কৰি উলিয়াইছে আৰু অসমৰ পঢ়ুৱৈ সমাজেও কিতাপখন ব্যাপকভাৱে আদৰি লৈছে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অন্বেষাৰ সচিব দুদুলমণি শৰ্মাই।