নগাঁৱৰ বিশিষ্ট চিকিৎসক-মানৱ অধিকাৰকৰ্মী ডাঃ গিৰিন্দ্ৰ নাথ বৰা আৰু নাই

Girindra Nath Bora

নগাঁৱৰ বিশিষ্ট চিকিৎসক, নাট্য কৰ্মী, কবি, অসম আন্দোলনৰ এগৰাকী কৰ্মী তথা মানৱ অধিকাৰ কৰ্মী ডাঃ গিৰিন্দ্ৰ নাথ বৰাই আজি পুৱা প্ৰায় ৫:৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালত শেষ নিশ্বাস ত্যাগ কৰে।

অনুবাদক হিচাপেও পৰিচিত বৰা এগৰাকী প্ৰসিদ্ধ চৰ্ম ৰোগৰ চিকিৎসক হিচাপে পৰিচিত হোৱাই নহয়, হয়বৰগাঁৱত থকা তেখেতৰ চেম্বাৰত বহু দুখীয়া লোকক বিনা পইচাই চিকিৎসাসেৱা আগবঢ়াইছিল।

একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা ডাঃ বৰা অসম গণ পৰিষদ দলৰ নগাঁও জিলাৰ প্ৰতিষ্ঠাপক উপদেষ্টা আছিল।

এগৰাকী সু-নাট্য সংগঠক আৰু সুদক্ষ নাট পৰিচালক হিচাপে সদা পৰিচিত এইগৰাকী বিশিষ্ট নাট্য কৰ্মীৰ বিয়োগে অসমীয়া আধুনিক অপেছাদাৰী নাটকৰ ক্ষেত্ৰখনলৈ এক শূন্যতা কঢ়িয়াই আনিলে।

এইগৰাকী হৃদয়বান সৰবৰাহী ব্যক্তিৰ বিয়োগত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে। মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অসংখ্য গুণমুদ্ধই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ দক্ষিণ হয়বৰগাওঁ বাসগৃহললৈ আহি ভিৰ কৰাৰ উপৰি তেখেতক অন্তিম শ্ৰদ্ধাঞ্জলি জনায়।

বৰাৰ বিয়োগত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড০ জয়শ্ৰী গোশ্বামী মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰুপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে নগাঁও জিলা সাহিত্য সভা, আছু, আমছুকে ধৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ ৭২ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা ডাঃ বৰাই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা তথা অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। আজি বিয়লি মিলনপুৰ স্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।