NORTHEAST NOW (Assamese)

অসমলৈ আহি অসম আন্দোলনৰ বাতৰি প্ৰকাশ কৰা বিশিষ্ট সাংবাদিক কুলদীপ নায়াৰৰ দেহাৱসান

August 23, 2018 1:05 pm · এন ই নাও নিউজ

বিশিষ্ট সাংবাদিক, লেখক তথা মানৱ অধিকাৰ কৰ্মী কুলদীপ নায়াৰৰ আজি পুৱতি নিশা প্ৰায় ১ বজাত দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত নায়াৰৰ বয়স আছিল ৯৫ বছৰ।

উল্লেখযোগ্য যে নায়াৰে অসম আন্দোলনৰ সময়ত অসমলৈ আহি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেই বাতৰি প্ৰকাশ কৰিছিল। তদুপৰি অসমীয়া কাকত-আলোচনীতো তেওঁৰ স্তম্ভ লেখা প্ৰকাশ পাইছিল।

নিৰ্ভিক সাংবাদিক হিচাপে পৰিচিত, ১৯২৩ চনৰ ১৪ আগষ্টত বৰ্তমানৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ অন্তৰ্গত শিয়ালকুটত জন্ম গ্ৰহণ কৰা কুলদীপ নায়াৰে ইন্দিৰা গান্ধীয়ে জাৰি কৰা দেশৰ জৰুৰীকালীন অৱস্থাত কাৰাবাসো খাতিবলগীয়া হৈছিল।

 

সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰা নায়াৰক ১৯৯০ চনত গ্ৰেট ব্ৰিটেইনৰ উচ্চায়ুক্ত হিচাপে নিযুক্ত কৰাৰ উপৰি ১৯৯৭ চনত ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হৈছিল।

নায়াৰৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে।

Related News