• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ বহৰি সত্ৰ পৰিচালনা সমিতিৰ সদস্যক প্ৰহাৰ কৰা বিজেপি নেতাক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 23, 2018 12:20 pm

2 min read

Bahari Satra

বৰপেটাৰ বহৰি সত্ৰ। প্ৰতিনিধিত্বমূলক ফটো

121
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাত শ্ৰী শ্ৰী হৰিদেৱ মহাপুৰুষে স্থাপন কৰা বহৰি সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিনিধিক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত দীনেশ দাস ক অৱশেষত আৰক্ষীয়ে আজি আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে আজি পুৱতি নিশা আৰক্ষীয়ে চলোৱা এক অভিযানত গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিজেপি নেতা তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য দীনেশ দাসক। বৰ্তমান বৰপেটা সদৰ থানাত ৰাখি আৰক্ষীয়ে অভিযুক্ত দাসক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে বহৰি সত্ৰৰ মাটি বেদখলৰ সৈতে জড়িত দীনেশ দাসৰ নেতৃত্বত পৰিয়ালৰ লোকে যোৱা দেওবাৰে সত্ৰ পৰিচালনা সমিতিৰ সদস্যক আক্ৰমণ কৰিছিল। আৰু এই আক্ৰমণত সত্ৰৰ উপ সভাপতি সুৰেন্দ্ৰ নাথ মেধি, সদস্য বৰুণ তালুকদাৰ, প্ৰদীপ তালুকদাৰ আৰু ডালিম দাস বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা মূল অভিযুক্ত তথা নিজকে বিজেপিৰ নেতা বুলি পৰিচয় দিয়া দীনেশ দাস পলাতক অৱস্থাত আছিল। আনহাতে উক্ত মাৰ-পিটৰ ঘটনাৰ লগত জড়িত দুজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

স্মৰ্তব্য যে শ্ৰী শ্ৰী হৰিদেৱ মহাপুৰুষে স্থাপন কৰা বহৰি সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিনিধিক সত্ৰৰ ভূমি বেদখলকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাৰ পাছৰে পৰা বৃহত্তৰ বহৰি অঞ্চলটোতে এক তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছিল।

ইফালে জানিব পৰা মতে দীনেশ দাসৰ ভনী আৰু ভনী জোৱায়েকে মিলি দখল কৰি থকা ২৭ বিঘা সত্ৰৰ ভূমি জিলা প্ৰশাসনে বেদখলমুক্ত কৰি সত্ৰখনক চমজাই দিছিল। আৰু তাৰ পিছৰ পৰাই বেদখলকাৰীসকলৰ সৈতে সত্ৰ সমিতিৰ আৰম্ভ হৈছিল সংঘাত৷

Recent News

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

সমাধানৰ আশাত আজি চৰকাৰে দশমবাৰৰ বাবে কৃষকৰ সৈতে মিলিত হ’ব আলোচনাত

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd