NORTHEAST NOW (Assamese)

হাউলীৰ বিশিষ্ট সাংবাদিক কমল চন্দ্ৰ বায়নৰ দেহাৱসান

October 27, 2018 7:36 pm · আনিছুজ জামান
প্ৰয়াত কমল চন্দ্ৰ বায়ন

বৰপেটা জিলাৰ হাউলীৰ বিশিষ্ট নাগৰিক, সমাজ কৰ্মী, সাংবাদিক তথা হাউলী প্ৰেছ্ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আৰু হাউলী নৰ্মাল স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক কমল চন্দ্ৰ বায়নৰ আজি আবেলি ৩:৪০ বজাত বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৮৩ বছৰ। মৃত্যুৰ আগ মুহুৰ্তলৈকে তেওঁ হাউলী অঞ্চলৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁ আজিৰ অসম আৰু হিন্দী চেন্টিনেল কাকতৰ স্থানীয় সাংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে কমল চন্দ্ৰ বায়নে হিন্দী অসমীয়া অভিধান লিখাৰ উপৰিও প্ৰায় কুৰিখনকৈ গল্প আৰু কবিতা পুথি ৰচনা কৰি থৈ গৈছে।

তেওঁৰ নশ্বৰদেহত সন্ধিয়া ৬ বজাত হাউলী চণ্ডীবৰুৱা স্মৃতি ভৱনৰ সন্মুখত ৰাজহুৱাভাৱে বিভিন্ন দল সংগঠনৰ লগতে প্ৰায় দুই শতাধিক গুনমুগ্ধই শেষ শ্ৰদ্ধা নিবেদন কৰে।

বায়নৰ মৃত্যুত হাউলীৰ প্ৰেছ ক্লাবৰ সম্পাদক নাৰায়ন গোস্বামী, হাউলী উন্নয়ন পৰিষদৰ সম্পাদক ধৰনীধৰ দাস, হাউলী আঞ্চলিক ছাত্র সন্থা, হাউলী আঞ্চলিক আমছু, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতি, হাউলী নগৰ অগপ, হাউলী নগৰ কংগ্ৰেছ, বিজেপিকে ধৰি ভৱানীপুৰ ব্লক গ্ৰাম উন্নয়ন সমিতিৰ সভাপতি শফিউৰ ৰহমান আদি দল সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্র, এগৰাকী কন্যাসহ বহুতো আত্মীয়ক এৰি থৈ যায়।

Related News