• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মই অসমীয়া’ বুলি টেঁটু ফালি থাকিলেও শিলাদিত্য দেব অসমীয়া নহয় : অসম সংগ্ৰামী মঞ্চ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 27, 2018 7:39 pm
Siladitya Deb thinks of opening 'counter' near Rajiv Bhawan in Guwahati

শিলাদিত্য দেবৰ ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবে নিজকে অসমীয়া বুলি জাহিৰ কৰিব বিচাৰিলেও তেওঁক অসমীয়া বুলি কোনোপধ্যেই মানি নলয় অসম সংগ্ৰামী মঞ্চই।

শনিবাৰে দলটোৱে গুৱাহাটীত এখন সংবাদমেলত এই কথা স্পষ্ট কৰি দিছে। সংবাদমেলত দলৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই কয়, “শিলাদিত্য দেবে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ যিয়ে নকৰক কিয় তেওঁ অসমীয়া হ’ব নোৱাৰে। তেওঁ ৰামদেবৰ পৰা যোগ শিকি আহি বিভিন্ন ধৰণৰ যোগাসন কৰি ‘মই অসমীয়া’ বুলি পৰিচয় দি থাকিলেও আমি তেওঁক অসমীয়া বুলি মানি নলওঁ।”

Apply Now

ইয়াৰ বিপৰীতে শিলাদিত্য দেবক অসমীয়া জাতিদ্ৰোহী আখ্যা দিছে অসম সংগ্ৰামী মঞ্চই। “শিলাদিত্য দেবে অসমীয়া জাতিৰ বহু অপকাৰ কৰিছে”, সংগ্ৰামী মঞ্চই কয়।

উল্লখযোগ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬, হিন্দু বাংলাদেশীক সংস্থাপন আৰু কেইবাটাও বাঙালী সংগঠনে ১৭ নৱেম্বৰত পাতিব বিচৰা সমাৱেশক লৈ অসমৰ খিলঞ্জীয়া ৰাইজ, বিভিন্ন জাতীয় দল-সংগঠনে ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বিধায়ক শিলাদিত্য দেবে বিধয়কখনৰ প্ৰতি সমৰ্থন আগ বঢ়োৱাৰ লগতে বিৰোধিতা কৰাসকলৰ প্ৰতিও তিৰ্যক মন্তব্য দি আহিছে।

ইমানেই নহয় অহা ১৭ নৱেম্বৰত গুৱাহাটীত সমাৱেশ পাতিবলৈ ওলোৱা কেইবাটাও বাঙালী সংগঠনৰ যৌথ মঞ্চ নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম (চি আৰ পি এফ-এ)ৰো নেতৃত্ব দিছে বিধায়কজনে।

উল্লেখ্য যে, ১৭ নবেম্বৰৰ এই সমাৱেশ সন্দৰ্ভত উদ্যোক্তাসকলে এতিয়া সুৰ সলাই ইয়াৰ নাম ‘মৈত্ৰী সন্মিলন’ দিলেও প্ৰথমতে এই সমাৱেশ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ সমৰ্থনতে অনুষ্ঠিত কৰাৰ কথা আছিল।

ইপিনে, যোৱা ২৪ অক্টোবৰত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই অসম সংগ্ৰামী মঞ্চই আয়োজন কৰা এখন সভাত ‘শিলাদিত্যই পৰিণতি ভোগ কৰিবই লাগিব। এইটোটো খাটাং কথা’ বুলি সকীয়নি দিয়াৰ লগতে ’৮৩ৰ পৰিৱেশ ঘূৰাই অনাৰ হুংকাৰ দিছিল।

আজিৰ সংবাদমেলত অসম সংগ্ৰামী মঞ্চই সেয়া হাজৰিকাৰ নিজা মন্তব্য আছিল বুলি কয়। অৱশ্যে ‘তেনে এটা উচ্ছৃংখল পৰিৱেশ শিলাদিত্য দেবে নিজেই সৃষ্টি কৰিছে’ বুলিও অসম সংগ্ৰামী মঞ্চই মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd