নিৰ্বাচন আয়ুক্ত বা চিবিআইৰ সঞ্চালক নিযুক্তিৰ বাবে গঠন কৰা কমিটীত মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰাৰ যুক্তিৰ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।
ধনখৰৰ ভাষাত “গণতান্ত্ৰিক দেশত চিবিআইৰ সঞ্চালক বা নিৰ্বাচন আয়ুক্তৰ দৰে পদত নিযুক্তিৰ বাবে মুখ্য ন্যায়াধীশক কিয় অন্তৰ্ভুক্ত কৰা হ’ব?” তেওঁৰ মতে, “এয়া গণতন্ত্ৰৰ পৰিপন্থী। কাৰণ, গণতান্ত্ৰিক দেশত যিকোনো কাৰ্য্যৰ বাবে মুখ্য ন্যায়াধীশ নহয়, চৰকাৰ জবাবদিহি। গতিকে এই নিয়ম সলনি কৰাৰ সময় আহি পৰিছে।”
শুকুৰবাৰে মধ্যপ্ৰদেশৰ ভূপালস্থিত নেশ্যনেল জুডিচিয়েল একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত ধনখৰে এই মন্তব্য কৰে।
প্ৰসংগক্ৰমে এতিয়ালৈকে নিৰ্বাচন আয়ুক্ত বা চিবিআইৰ সঞ্চালকক নিযুক্তি দিবলৈ কমিটীত মুখ্য ন্যায়াধীশ আছিল। শেহতীয়াকৈ মোডী চৰকাৰে মুখ্য ন্যায়াধীশগৰাকীক নতুন সমিতিৰ পৰা বাদ দিছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। অহা সপ্তাহত এই গোচৰৰ শুনানি আছে।
আনহাতে, ১৮ ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকাল শেষ হ’ব। সেইদিনা পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তিৰ বাবে এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা। এনে পৰিস্থিতিত ধনখৰৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।
২০২৩ চনত এই সম্পৰ্কীয় এটা গোচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিত প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলৰ নেতা, মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ পিছত কেন্দ্ৰই নতুন আইন প্ৰৱৰ্তন কৰি সেই সমিতিৰ পৰা মুখ্য ন্যায়াধীশক বাদ দিয়ে।
ৰাজনৈতিক লাভালাভৰ বাবে নিৰ্বাচন আয়ুক্তৰ দৰে নিৰপেক্ষ পদৰ বাবে বিষয়া নিৰ্বাচন কৰা কমিটীৰ পৰা মোডী চৰকাৰে মুখ্য ন্যায়াধীশক বাদ দিয়া বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীত গোচৰৰ শুনানিৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীৰ মন্তব্যই নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।
উপ-ৰাষ্ট্ৰপতিৰ ভাষাত, “সকলো শাসন কাৰ্য্য চৰকাৰৰ হাতত থাকিব লাগে। বাহিৰৰ পৰা যদি কিবা হস্তক্ষেপ হয়, তেন্তে সেয়া গণতন্ত্ৰৰ মৌলিক চৰিত্ৰৰ পৰিপন্থী।” ধনখৰে লগতে কয় যে গণতন্ত্ৰত কৰ্তৃত্বৰ অহংকাৰৰ স্থান নাই!