NORTHEAST NOW (Assamese)

আৰু কিমান দূৰ আপোন ঘৰখনলৈ? ট্ৰলী বেগৰ ওপৰত শুই পৰিছে শিশু, মাতৃয়ে টানিছে!

May 15, 2020 8:47 am · এন ই নাও নিউজ

কৰ’না সংক্ৰমণৰ আতংকৰ মাজতে হঠাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি লকডাউনৰ ঘোষণা কৰিছিল।

লকডাউনৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে আৰু প্ৰব্ৰজিত শ্ৰমিকসকলে ঘৰলৈ উভতিব নোৱাৰি বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰে।

চৰকাৰে শ্ৰমিক ৰে’ল চলালে যদিও আৱদ্ধ এই শ্ৰমিকৰ তুলনাত সেয়া তেনেই কম।

পদব্ৰজে ঘৰলৈ উভতাৰ পথত একাধিক স্থানত দুৰ্ঘটনাত প্ৰাণো হেৰুৱাইছে বহুতে।

ইয়াৰ মাজতে এইবাৰ পোহৰলৈ আহিল এটি অত্যন্ত হৃদয়বিদাৰক ছবি। ভিডিঅ’ত দেখা গৈছে খোজ কাঢ়ি কাঢ়ি ভাগৰি পৰা এটি শিশু ট্ৰলী বেগৰ ওপৰত শুই পৰিছে আৰু বেগটোৰে সৈতে শিশুটিক টানি লৈ গৈছে তাৰ মাতৃয়ে।

পঞ্জাৱৰ পৰা উত্তৰ প্ৰদেশৰ ঝান্সিলৈ প্ৰায় ৮০০ কিলোমিটাৰৰ সুদীৰ্ঘ পৰিক্ৰমা।

ডাঙৰসকলেই য’ত ক্লান্ত হৈ অ’ত ত’ত শুই পৰিছে, তাত এটি শিশুৰ বাবে উপায় কি? সেয়ে, ট্ৰলী বেগৰ ওপৰতে উঠি শুই পৰিছে ভাগৰুৱা শিশুটি।

অতি কষ্টেৰে বেগ আৰু বেগটোৰ ওপৰত শুই পৰা সন্তানক টানি লৈ ক্লান্ত মাতৃগৰাকীয়ে নিজৰ সেই আপোন পঁজালৈ বাট বুলিছে।

আগ্ৰাত এই দৃশ্য দেখি বহুতেই শিয়ৰি উঠিছে, কি দুৰ্দশা, কি পৰিহাস?

জানিব পৰা মতে, ঝান্সিৰ বাসিন্দা শিশুটিৰ পিতৃয়ে পত্নী আৰু শিশুটিক লৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল।

লকডাউনৰ ফলত খোৱাবোৱাৰ সমস্যাত পৰে পৰিয়ালটো। ইপিনে শ্ৰমিক ৰে’ৰল টিকটো যোগাৰ কৰিব নোৱাৰিলে। সেয়ে, খোজকাঢ়িয়ে উভতিছিল ঘৰলৈ।

কিন্তু ৰাস্তাতে শুই পৰে শিশুটি। পিতৃয়ে জানিবলৈ দিয়ে যে ভোক আৰু খোজ কাঢ়ি ক্লান্ত হৈ পৰি শুই পৰিছিল শিশুটি।

তেতিয়া ট্ৰীৰ ওপৰতে মাকে শুৱাই দিয়ে সন্তানটিক। নিজেই ক্লান্ত হৈ পৰিলেও মাতৃ হৃদয়ৰ মমতা তুলনা নহয়। গতিকেই ট্ৰলীখনেৰে সৈতে শিশুটিক টানি টানি পথত খোজ লৈছে গৃহাভিমুখী যাত্ৰাৰ বাবে।

 

Related News