DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰু কিমান দূৰ আপোন ঘৰখনলৈ? ট্ৰলী বেগৰ ওপৰত শুই পৰিছে শিশু, মাতৃয়ে টানিছে!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 8:47 am
Baby-sleeps-on-trolley
3.2k
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংক্ৰমণৰ আতংকৰ মাজতে হঠাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি লকডাউনৰ ঘোষণা কৰিছিল।

লকডাউনৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে আৰু প্ৰব্ৰজিত শ্ৰমিকসকলে ঘৰলৈ উভতিব নোৱাৰি বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰে।

চৰকাৰে শ্ৰমিক ৰে’ল চলালে যদিও আৱদ্ধ এই শ্ৰমিকৰ তুলনাত সেয়া তেনেই কম।

পদব্ৰজে ঘৰলৈ উভতাৰ পথত একাধিক স্থানত দুৰ্ঘটনাত প্ৰাণো হেৰুৱাইছে বহুতে।

ইয়াৰ মাজতে এইবাৰ পোহৰলৈ আহিল এটি অত্যন্ত হৃদয়বিদাৰক ছবি। ভিডিঅ’ত দেখা গৈছে খোজ কাঢ়ি কাঢ়ি ভাগৰি পৰা এটি শিশু ট্ৰলী বেগৰ ওপৰত শুই পৰিছে আৰু বেগটোৰে সৈতে শিশুটিক টানি লৈ গৈছে তাৰ মাতৃয়ে।

পঞ্জাৱৰ পৰা উত্তৰ প্ৰদেশৰ ঝান্সিলৈ প্ৰায় ৮০০ কিলোমিটাৰৰ সুদীৰ্ঘ পৰিক্ৰমা।

ডাঙৰসকলেই য’ত ক্লান্ত হৈ অ’ত ত’ত শুই পৰিছে, তাত এটি শিশুৰ বাবে উপায় কি? সেয়ে, ট্ৰলী বেগৰ ওপৰতে উঠি শুই পৰিছে ভাগৰুৱা শিশুটি।

Fellow journos @arvindcTOI and Naseem have shared this video and info on this video shot in west UP’s Agra , where this exhausted child latches on to a suitcase dragged by his mother – the family was walking between Punjab and Jhansi in UP . @OfficeOfDMAgra where are the buses ? pic.twitter.com/7ck4lWaECf

— Alok Pandey (@alok_pandey) May 14, 2020

অতি কষ্টেৰে বেগ আৰু বেগটোৰ ওপৰত শুই পৰা সন্তানক টানি লৈ ক্লান্ত মাতৃগৰাকীয়ে নিজৰ সেই আপোন পঁজালৈ বাট বুলিছে।

আগ্ৰাত এই দৃশ্য দেখি বহুতেই শিয়ৰি উঠিছে, কি দুৰ্দশা, কি পৰিহাস?

জানিব পৰা মতে, ঝান্সিৰ বাসিন্দা শিশুটিৰ পিতৃয়ে পত্নী আৰু শিশুটিক লৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল।

লকডাউনৰ ফলত খোৱাবোৱাৰ সমস্যাত পৰে পৰিয়ালটো। ইপিনে শ্ৰমিক ৰে’ৰল টিকটো যোগাৰ কৰিব নোৱাৰিলে। সেয়ে, খোজকাঢ়িয়ে উভতিছিল ঘৰলৈ।

কিন্তু ৰাস্তাতে শুই পৰে শিশুটি। পিতৃয়ে জানিবলৈ দিয়ে যে ভোক আৰু খোজ কাঢ়ি ক্লান্ত হৈ পৰি শুই পৰিছিল শিশুটি।

তেতিয়া ট্ৰীৰ ওপৰতে মাকে শুৱাই দিয়ে সন্তানটিক। নিজেই ক্লান্ত হৈ পৰিলেও মাতৃ হৃদয়ৰ মমতা তুলনা নহয়। গতিকেই ট্ৰলীখনেৰে সৈতে শিশুটিক টানি টানি পথত খোজ লৈছে গৃহাভিমুখী যাত্ৰাৰ বাবে।

 

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd