NORTHEAST NOW (Assamese)

ৰূপ সলাইছে ক’ভিডে! ভাৰতীয় আৰু ব্ৰিটিছ প্ৰজাতিৰ মিশ্ৰ প্ৰজাতি পোৱা গ’ল এইখন দেশত

May 30, 2021 10:01 pm · এন ই নাও নিউজ

ক্ৰমাৎ ৰূপ সলনি কৰিছে কৰোণাভাইৰাছে।

এইবাৰ ভাইৰাছটোৰ ভাৰতীয় প্ৰজাতি আৰু ব্ৰিটিছ প্ৰজাতিৰ এক মিশ্ৰ তথা হাইব্ৰিড প্ৰজাতি চিহ্নিত হৈছে ভিয়েটনামত।

দেশখনৰ স্বাস্থ্যমন্ত্ৰী নুয়েন থান লঙে আজি জানিবলৈ দিয়া মতে, নতুন মিশ্ৰ প্ৰজাতিটো বতাহত দ্ৰুতভাৱে বিয়পি পৰিবলৈ সক্ষম।

আন প্ৰজাতিসমূহতকৈ ই বেছি পৰিমাণে সংক্ৰামক।

উল্লেখযোগ্য যে ক্ষুদ্ৰ দেশখনত কৰোণা সংক্ৰমণ নিয়ন্ত্ৰিত ৰূপত আছে।

এই পৰ্যন্ত সংক্ৰমিত লোকৰ সংখ্যা মাত্ৰ ৬,৩৯৬জন হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৪৭জন লোকে।

কিন্তু চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে।

শেহতীয়াকৈ এগৰাকী ৰোগীৰ দেহত ভাৰতীয় আৰু ব্ৰিটিছ প্ৰজাতিৰ মিশ্ৰণ পোৱা গৈছে।

দেশখনৰ এখন দৈনিক কাকতৰ খবৰ অনুযায়ী, অতি সোনকালেই আনুষ্ঠানিকভাৱে এই প্ৰজাতিটোৰ বিষয়ে চৰকাৰে ঘোষণা কৰিব।

Related News