পৰাজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিজয় হাজাৰে ট্ৰফীৰ পৰা বিদায় ল’লে অসমে

TH06_HAZARE

প্ৰতিনিধিত্বমূলক চিত্ৰ

চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত হতাশাজনক প্ৰদৰ্শন অব্যাহত ৰাখি লজ্জাজনকভাৱে অভিযান সামৰিলে অসম দলে।  প্ৰতিযোগিতাখনত অসমে ৯ খন মেচ খেলি ৬ খনত পৰাস্ত, এখনত জয় আৰু দুখন মেচ বৰষুণৰ বাবে বাতিল হোৱাত মাত্ৰ আঠ পইণ্ট সংগ্ৰহ কৰি গ্ৰুপ চিৰ অন্তিম স্থানত থাকে।

উল্লেখ্য যে প্ৰতিযোগিতাখনত একেৰাহে ঝাৰখণ্ড, হাৰিয়ানা, তামিলনাডু, বেংগল আৰু  ৰাজস্থানৰ লগত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত ত্ৰিপুৰাৰ বিৰুদ্ধে জয়ী হৈ পৰাজয়ৰ ধাৰাবাহিকতা ভংগ কৰিবলৈ সক্ষম হৈছিল। পৰাজয়ৰ ধাৰাবাহিকতা ভংগ কৰিবলৈ সক্ষম হ’লেও জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ ব্যৰ্থ অসম দল।

কালি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ অন্তিমখন মেচত অসমে জম্মু-কাশ্মীৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। এই মেচখনতো অতি শোচনীয়ভাৱে পৰাস্ত হয় অসম। প্ৰথমে বেট ধৰি জম্মু-কাশ্মীৰে নিৰ্ধাৰিত অভাৰত ২৭৩ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।

২৭৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অসমে ৪৮.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৯৩ ৰানহে কৰিবলৈ সক্ষম হয়। অধিনায়ক অমিত সিনহাৰ ৮১ আৰু আবু নেছিমে ২৮ ৰান কৰাৰ বাহিৰে কোনো এজন বেটছমেনে সফল হ’ব নোৱাৰিলে। জম্মু-কাশ্মীৰৰ হৈ ইৰফান পাঠান আৰু ওমৰ নাজিৰে তিনিটাকৈ উইকেট লয়।

আনহাতে প্ৰথমে বেট ধৰা জম্মু-কাশ্মীৰৰ হৈ এ বেণ্ডিয়ে ৭৯ আৰু খাজুৰিয়াৰ ৭২ ৰানৰ সহায়ত ২৭২ ৰানৰ এক মজবুট লক্ষ্য বান্ধি দিছিল।