উচ্চতম ন্যায়ালয়ৰ পৰাই হেৰাল সুৰা সম্ৰাট বিজয় মালিয়াৰ গোচৰৰ নথি

vijayaa

সুৰা সম্ৰাট বিজয় মালিয়াৰ বিৰুদ্ধে থকা আদালত অৱমাননাৰ গোচৰৰ নথিয়েই এইবাৰ হেৰাই থাকিল উচ্চতম ন্যায়ালয়ৰ পৰা।

বিজয় মালিয়াই তেওঁৰ কিংফিছাৰ বিমান পৰিবহন কোম্পানীক পুনৰউজ্জীৱিত কৰিবলৈ দেশৰ কেইবাটাও বেংকৰ পৰা প্ৰায় ৯ হাজাৰ কোটি টকাৰ ঋণ লৈ ভাৰতৰ পৰা উধাও হৈছিল।

২০১৭ চনৰ ৯ মে’ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিজয় মালিয়াক সেই বিশাল পৰিমাণৰ ধন বেংকক ওভতাই দিবলৈ নিৰ্দেশ দিছিল।

কিন্তু সুৰা সম্ৰাট মালিয়াই উচ্চতম ন্যায়ালয়ৰ সেই নিৰ্দেশ উলংঘা কৰি বেংকক টকা ঘূৰাই দিয়াৰ সলনি পুত্ৰৰ একাউণ্টলৈ প্ৰায় ৪ হাজাৰ মাৰ্কিন ডলাৰ ট্ৰেঞ্চফাৰ  কৰিছিল।

বেংকক ধন ঘূৰাই নিদি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুওৱাৰ বাবেই মালিয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল আদালত অৱমাননাৰ গোচৰ।

বিপদৰ গোন্ধ পাই মালিয়াই ২০১৭ চনৰে ১৪ জুলাইত আদালত অৱমাননাৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাইছিল।

আজি সেই আবেদনৰে শুনানি আছিল যদিও ন্যায়াধীশ ইউ ইউ ললিত আৰু অশোক ভূষণৰ আদালতত উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে সেই সম্পৰ্কীয় গোচৰৰ নথি দাখিল কৰাত ব্যৰ্থ হয়।

মালিয়াৰ অধিবক্তাই আদালতৰ পৰাই গোচৰৰ নথি হেৰুৱা বুলি প্ৰকাশ কৰে আৰু নথি জমা দিয়াৰ বাবে অধিক সময় বিচাৰে। আদালতে উপায় বিহীন হৈ গোচৰৰ শুনানি ২০ আগষ্টলৈ পিচুৱাই দিয়ে।