NORTHEAST NOW (Assamese)

বিপদ বাঢ়িল বিজয় মালিয়াৰ! পলাতক ব্যৱসায়ীজনৰ বিৰুদ্ধে এইবাৰ ১৮০ কোটি ঋণ পৰিশোধ নকৰাৰ বাবে ৱাৰেণ্ট জাৰি

July 2, 2024 7:34 pm · এন ই নিউজ অসমীয়া
Updated: July 2, 2024 8:36 pm

‘পলাতক’ ব্যৱসায়ী বিজয় মালিয়াৰ বিপদ বাঢ়িল। মুম্বাইৰ চিবিআই আদালতে তেওঁৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিছে। ইণ্ডিয়ান অভাৰচিজ বেংকৰ ১৮০ কোটি টকাৰ ডিফল্টৰ ক্ষেত্ৰত এই ৱাৰেণ্ট জাৰি কৰা হয়। ভাৰতত আৰ্থিক প্ৰৱঞ্চনাৰ অন্তত মালিয়াই দেশ এৰি থৈ যায়। তাৰ পিছৰে পৰা কেইবাটাও গোচৰত তেওঁৰ নাম জড়িত হৈ পৰিছে। কিন্তু এতিয়ালৈকে কোনো ভাৰতীয় তদন্তকাৰী সংস্থাই বিজয়ৰ কাষ চাপিব পৰা নাই।

লগতে চিবিআইয়ে দাবী কৰে যে মালিয়াই প্ৰতাৰণা কৰাৰ উদ্দেশ্যেৰে ঋণ লৈছিল আৰু সেই ঋণ পৰিশোধ কৰা নাছিল। আদালতে চিবিআইৰ শুনানি গ্ৰহণ কৰি কয় যে তেওঁক মাতিলে বিশেষ লাভ নহ’ব। মন কৰিবলগীয়া যে আৰ্থিক জালিয়াতিৰ গোচৰত তেওঁক ইতিমধ্যে পলাতক ঘোষণা কৰা হৈছে। তেওঁ লণ্ডনত আছে। তাৰ পুত্ৰই অলপতে তাতেই বিয়া পাতিছে। আনহাতে, ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা চুক্তি অনুসৰি অৰ্থনৈতিক অপৰাধৰ অভিযুক্তৰ বিৰুদ্ধে তদন্ত হ’লে এখন দেশে আনখন দেশৰ সৈতে তদন্তমূলক তথ্য ভাগ-বতৰা কৰিব। ইয়াৰ পূৰ্বে ভাৰতে মালিয়াক প্ৰত্যাৰ্পণ কৰিবলৈ চেষ্টা কৰিছিল যদিও আইনী জটিলতাৰ বাবে ভাৰত এতিয়ালৈকে সফল হোৱা নাই

Related News