NORTHEAST NOW (Assamese)

মধ্যপ্ৰদেশ : বজৰং দলে বন্ধ কৰিলে প্ৰসিদ্ধ নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ নাটকৰ প্ৰদৰ্শন

March 11, 2021 7:22 pm · এন ই নাও নিউজ

মধ্য প্ৰদেশত বজৰং দলে এটা নাট্য মহোৎসৱৰ এখন নাটকৰ প্ৰদৰ্শন নিষেধ কৰিছে।

প্ৰসিদ্ধ নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ এথন নাটক ”জাত হী পুছ’ সাধু কী”ৰ শিৰোনামাত থকা ‘সাধু’ শব্দটোৰ প্ৰয়োগৰ বাবেই কট্টৰ হিন্দু সংগঠনটোৱে আপত্তি দৰ্শায়।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এটা বাতৰিমতে, ভাৰতীয় গণনাট্য সংঘই (ইপটা) প্ৰতি বছৰে মধ্যপ্ৰদেশৰ চট্টৰপুৰ চহৰত অনুষ্ঠিত কৰি অহা নাট্য মহোৎসৱখনত উক্ত নাটকখন প্ৰদৰ্শন কৰাৰ কথা আছিল।

বজৰং দলৰ সদস্যসকলে কয় যে যদিও টেণ্ডুলকাৰৰ নাটকখন পঢ়া নাই, কিন্তু ইয়াৰ নামটো হিন্দু আৰু ভাৰতীয় সংস্কৃতিৰ বিৰোধী।

উল্লেখযোগ্য যে টেণ্ডুলকাৰৰ উক্ত নাটকখন তেওঁৰ মাৰাঠী নাটক ‘পিচজে জাতিচে’ৰ হিন্দী সংস্কৰণ।

উক্ত নাটকখন তেওঁ জাতিভেদ প্ৰথা আৰু সামাজিক শ্ৰেণীবিভাজনসমূহক ব্যংগাত্মকভাৱে উপস্থাপন কৰিছিল।

নাটকখনৰ পৰিচালক শান্তনু পাণ্ডেই কয় যে নাটকখনৰ শিৰোনামাত উল্লেখ থকা ‘সাধু’ শব্দটোৱে ধৰ্মীয় গুৰুক বুজোৱা হোৱা নাই, বৰঞ্চ ‘ভদ্ৰলোক’ বা ‘সজ্জন’ক বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে।

গণনাট্য সংঘৰ মধ্যপ্ৰদেশৰ সাধাৰণ সম্পাদক শিভেন্দ্ৰ শুকলাই নাটকখন অনুষ্ঠিত কৰিবৰ বাবে আৰক্ষীৰ স’তে যোগাযোগ কৰিছিল যদিও সহাৰি লাভ নকৰিলে।

টেণ্ডুলকাৰৰ নাটকখনৰ উপৰিও বজৰং দলে আন এজন নাট্যকাৰ প্ৰেম জন্মেজয়ৰ ‘বেছৰম মেৱ জায়াতে’ নামৰ নাটকখনৰ প্ৰদৰ্শনো বন্ধ কৰিবলৈ বিচাৰিছে।

উল্লেখযোগ্য যে ‘শ্বান্তাতা! কোৰ্ট চালু আহে’, ‘ঘাঁচিৰাম কটৱাল’, ‘শাখাৰাম বিন্দেৰ’কে ধৰি কেইবাখনো উল্লেখযোগ্য নাটকৰ স্ৰষ্টা বিজয় টেণ্ডুলকাৰে ইয়াৰ পূৰ্বেও শিৱ সেনাৰ বাল ঠাকৰেৰ পৰা তীব্ৰ বিৰোধিতাৰ সমুখীন হৈছিল।

টেণ্ডুলকাৰৰ নাটকসমূহত প্ৰতিষ্ঠানবিৰোধী আৰু প্ৰগতিশীল দৃষ্টিভংগী লক্ষ্য কৰা যায়।

Related News