• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্যপ্ৰদেশ : বজৰং দলে বন্ধ কৰিলে প্ৰসিদ্ধ নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ নাটকৰ প্ৰদৰ্শন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 7:22 pm
222
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশত বজৰং দলে এটা নাট্য মহোৎসৱৰ এখন নাটকৰ প্ৰদৰ্শন নিষেধ কৰিছে।

প্ৰসিদ্ধ নাট্যকাৰ বিজয় টেণ্ডুলকাৰৰ এথন নাটক ”জাত হী পুছ’ সাধু কী”ৰ শিৰোনামাত থকা ‘সাধু’ শব্দটোৰ প্ৰয়োগৰ বাবেই কট্টৰ হিন্দু সংগঠনটোৱে আপত্তি দৰ্শায়।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এটা বাতৰিমতে, ভাৰতীয় গণনাট্য সংঘই (ইপটা) প্ৰতি বছৰে মধ্যপ্ৰদেশৰ চট্টৰপুৰ চহৰত অনুষ্ঠিত কৰি অহা নাট্য মহোৎসৱখনত উক্ত নাটকখন প্ৰদৰ্শন কৰাৰ কথা আছিল।

বজৰং দলৰ সদস্যসকলে কয় যে যদিও টেণ্ডুলকাৰৰ নাটকখন পঢ়া নাই, কিন্তু ইয়াৰ নামটো হিন্দু আৰু ভাৰতীয় সংস্কৃতিৰ বিৰোধী।

উল্লেখযোগ্য যে টেণ্ডুলকাৰৰ উক্ত নাটকখন তেওঁৰ মাৰাঠী নাটক ‘পিচজে জাতিচে’ৰ হিন্দী সংস্কৰণ।

উক্ত নাটকখন তেওঁ জাতিভেদ প্ৰথা আৰু সামাজিক শ্ৰেণীবিভাজনসমূহক ব্যংগাত্মকভাৱে উপস্থাপন কৰিছিল।

নাটকখনৰ পৰিচালক শান্তনু পাণ্ডেই কয় যে নাটকখনৰ শিৰোনামাত উল্লেখ থকা ‘সাধু’ শব্দটোৱে ধৰ্মীয় গুৰুক বুজোৱা হোৱা নাই, বৰঞ্চ ‘ভদ্ৰলোক’ বা ‘সজ্জন’ক বুজাবলৈহে ব্যৱহাৰ কৰা হৈছে।

গণনাট্য সংঘৰ মধ্যপ্ৰদেশৰ সাধাৰণ সম্পাদক শিভেন্দ্ৰ শুকলাই নাটকখন অনুষ্ঠিত কৰিবৰ বাবে আৰক্ষীৰ স’তে যোগাযোগ কৰিছিল যদিও সহাৰি লাভ নকৰিলে।

টেণ্ডুলকাৰৰ নাটকখনৰ উপৰিও বজৰং দলে আন এজন নাট্যকাৰ প্ৰেম জন্মেজয়ৰ ‘বেছৰম মেৱ জায়াতে’ নামৰ নাটকখনৰ প্ৰদৰ্শনো বন্ধ কৰিবলৈ বিচাৰিছে।

উল্লেখযোগ্য যে ‘শ্বান্তাতা! কোৰ্ট চালু আহে’, ‘ঘাঁচিৰাম কটৱাল’, ‘শাখাৰাম বিন্দেৰ’কে ধৰি কেইবাখনো উল্লেখযোগ্য নাটকৰ স্ৰষ্টা বিজয় টেণ্ডুলকাৰে ইয়াৰ পূৰ্বেও শিৱ সেনাৰ বাল ঠাকৰেৰ পৰা তীব্ৰ বিৰোধিতাৰ সমুখীন হৈছিল।

টেণ্ডুলকাৰৰ নাটকসমূহত প্ৰতিষ্ঠানবিৰোধী আৰু প্ৰগতিশীল দৃষ্টিভংগী লক্ষ্য কৰা যায়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd