ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত হৈছে। চলচ্চিত্ৰখন ফিল্ম ফেডাৰেশ্যন অব ইম্ডিয়াৰ ১২জনীয়া সদস্যৰ কমিটীখনে আনুষ্ঠানিকভাৱে অস্কাৰলৈ অপ্ৰতিদ্বন্দ্বিতামূলকভাৱে নিৰ্বাচিত কৰিছে।
শনিবাৰে ২৮খন চলচ্চিত্ৰৰ মাজৰ পৰা ভিলেজ ৰকষ্টাৰ্ছক নিৰ্বাচিত কৰা হয়।
মুম্বাইস্থ ইণ্ডিয়ান মোশ্যন পিকশ্বাৰ প্ৰডিউচাৰ্ছ এছোচিয়েনৰ কানাড়া ভাষাৰ প্ৰযোজক পৰিচালক ৰাজেন্দ্ৰ বাবুৱে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। বাবুৱে প্ৰকাশ কৰিছে যে তেওঁলোকৰ বিচাৰকসকল অতি বিশিষ্ট আৰু প্ৰতিখন চলচ্চিত্ৰকেই তেওঁলোকে ন্যায় দিবলৈ বিচাৰে। বাবুৱে আৰু কৈছে যে প্ৰতি দিনে ৫খনকৈ চলচ্চিত্ৰ চোৱা হৈছিল চলচচইত্ৰৰ বৰ্ণনাশৈলী, চিত্ৰনাট্য আন আন দিশসমূহ লক্ষ্য কৰি সেই সমূহৰ এটা চমু তালিকা কৰা হৈছিল।
মুঠ ১৪টা শাখাত পৃথিৱীৰ বচা বচা চিনে’মা প্ৰদৰ্শিত হোৱা এই উৎসৱটোৰ সমসাময়িক বিশ্ব চিনে’মা শাখাত সাধাৰণতে বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত কিন্তু অদ্যপি বিখ্যাত নোহোৱা পৰিচালকসকলৰ বৰ্ণনামূলক চিনেমা (narrative feature films) বাচনি কৰা হয়।
ভিলেজ ৰকষ্টাৰ্ছত পৰিচালিকাই অসমৰ এখন অতি পিছপৰা গাঁৱৰ কিশোৰী এগৰাকীৰ জীৱনৰ সৰু-সুৰা ঘটনাৰ পৰা তেওঁ এখন গীটাৰ পাবলৈ কৰা প্ৰয়াসৰ মাজেৰে দেখা জীৱনৰ এটা সপোনক তুলি ধৰিছে।
উল্লেখ্য যে মনকৰিবলগীয়া যে চিনে’মা নিৰ্মাণৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰা ৰীমা দাসে চিনে’মাখনৰ কাহিনীৰ পৰা আৰম্ভ কৰি কেমেৰা, সম্পাদনা, পৰিচালনাৰ লগতে প্ৰযোজনাও কৰিছে।