NORTHEAST NOW (Assamese)

বান বিধ্বস্ত ইণ্ডোনেছিয়াৰ অলিয়ে-গলিয়ে বৈ গৈছে ৰঙা পানীৰ ঢল! চাওঁক ভিডিঅ

February 7, 2021 6:42 pm · এন ই নাও নিউজ
Updated: February 7, 2021 6:52 pm

বানে সংহাৰী ৰূপ ধাৰণ কৰা ইণ্ডোনেছিয়াৰ মধ্য জাভা প্ৰদেশৰ পেকালংগান নামৰ অঞ্চলটোত এতিয়া ৰক্ত বৰ্ণৰ পানী বৈ যোৱাত স্থানীয় লোকসকল আতংকিত হৈ পৰিছে।

বান বিধ্বস্ত অঞ্চলটোৰ অলিয়ে-গলিয়ে কেৱল ৰঙা পানী বিয়পি পৰাত সেই পানীৰ সৈতে তেজ মিহলি হৈ থকা বুলিও বহুতে সন্দেহ কৰিবলৈ লৈছে।

অৱশ্যে উপায় বিহীন হৈ স্থানীয় লোকসকলে সেই ৰঙা পানীৰ মাজেৰেই ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হৈছে।

কিন্তু কি কাৰণত ৰঙা হৈ পৰিছে এই অঞ্চলটোৰ পানী?

ইয়াৰ উত্তৰ অঞ্চলটোৰ কাৰো হাততে নাই যদিও একাংশ লোকে সন্দেহ কৰা মতে বানে বুৰাই ৰখা অঞ্চলটোত কেইবাটাও কাপোৰত ৰং কৰা কাৰখানা আছে।

তেনে কাৰখানাৰ পৰাই ৰঙা ৰং বিয়পি পৰা বুলি বহুতে সন্দেহ কৰিছে।

একাংশই আকৌ এয়া কোনো লোকৰ কাম হ’ব পাৰে বুলি মন্তব্য কৰিছে।

আতংকৰ পৰিবেশ সৃষ্টিৰ বাবেই কোনো লোকে এনেদৰে বানৰ পানীত ৰঙা ৰং মিহলাই দিব পাৰে বুলি বহুতে সন্দেহ কৰিছে।

উল্লেখ্য ইয়াৰ পূৰ্বেও এবাৰ ইণ্ডোনেছিয়াৰ উক্ত অঞ্চলৰ বানৰ পানী সম্পূৰ্ণ সেউজীয়া হৈ পৰিছিল।

সেইবাৰ কোনোবাই পানীত সেউজীয়া ৰং মিহলাই দিয়াৰ কথা পোহৰলৈ আহিছিল।

Related News