NORTHEAST NOW (Assamese)

কভিড-১৯ প্ৰতিৰোধৰ বাবে বোকাখাত গাওঁৰক্ষী বাহিনীৰ লক্ষাধিক টকাৰ বৰঙণি

April 12, 2020 10:16 am · উত্তম শইকীয়া
Updated: April 12, 2020 11:00 am

কভিড-১৯ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বিভিন্নজনে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ অৰ্থ সাহায্য আগবঢ়োৱাৰ সময়তে বোকাখাততো অসম গাঁওৰক্ষী বাহিনীৰ পৰাওঁ ধন আগবঢ়োৱা হয়।

গাওঁৰক্ষী বাহিনীৰ বোকাখাত থানা কমিতিৰ তৰফৰ আৰোগ্য নিধিলৈ এক লাখ টকা আগবঢ়োৱাৰ লগতে বোকাখাতৰে নবোদয় গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰাও প্ৰদান কৰা দহ হেজাৰ টকাসহ মুঠ একলাখ দহ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰা হয়।

শনিবাৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ হাতত বোকাখাত থানা সমিতিৰ হৈ সভাপতি মৃদুল বৰাই উক্ত চেকখন প্ৰদান কৰে।

এই ধন ৰাশি কভিড-১৯ প্ৰতিৰোধৰ বাবে চিকিৎসালয় নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব বুলি সভাপতি গৰাকীয়ে জনায়।

একেদৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীয়ে তেওঁৰ ব্যক্তিগত শিতানৰ পৰা ৩০ হেজাৰ টকা আৰু বোকাখাত নাট্য মন্দিৰ সমিতিয়ে ২০ হেজাৰ টকাৰ আৰ্থিক বৰঙণি অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়ায়।

Related News