• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বংগবন্ধুৰ এজন হত্যাকাৰী আব্দুল মাজেদক ফাঁচী; উৎসৱমুখৰ বাংলাদেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 12, 2020 10:10 am

2 min read

bangabandhus-killer-abdul-majed-020420-01

আব্দুল মাজেদ। ফটো: ডেইলী ষ্টাৰৰ সৌজন্যত

7.5k
VIEWS
Share on FacebookShare on Twitter

বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ আৰু এগৰাকী হত্যাকাৰী আব্দুল মাজেদক ফাঁচী দিয়া হৈছে। শনিবাৰে নিশা ১২ বাজি ১ মিনিটত ঢাকা কেন্দ্ৰীয় কাৰাগাৰত মাজেদৰ ফাঁচীৰ নিৰ্দেশ কাৰ্যকৰী কৰা হয়।

বংগবন্ধুৰ হত্যাকাণ্ডৰ সৈতে জড়িত ১২জনক মৃত্যুদণ্ড বিহা হৈছিল আৰু ইয়াৰ ভিতৰত এতিয়ালৈ ৬জনৰ নিৰ্দেশ কাৰ্যকৰী কৰা হ’ল।

দেশখনত বংগবন্ধু মুজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ পালন কৰাৰ সময়তে এনেদৰে তেওঁৰ এগৰাকী হত্যাকাৰীক ফাঁচী দিয়া হ’ল। ইয়াৰ পাছতে বাংলাদেশত এক উৎসৱমুখৰ পৰিৱেশ দেখা যায়।

হত্যাকাৰী মাজেদৰ ফাঁচীৰ বাবে শনিবাৰে পুৱাৰে পৰা বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল।

ঢাকা কেন্দ্ৰীয় কাৰাগাৰৰ চৌপাশে নিশ্ছিদ্ৰ সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হয়। ইয়াৰ পূৰ্বে শুকুৰবাৰে আব্দুল মাজেদৰ সৈতে নিয়ম অনুযায়ী পত্নীসহ পৰিয়ালৰ সদস্যসকলে সাক্ষাৎ কৰিছিল।

উল্লেখ্য যে ১৯৭৫চনৰ ১৫ আগষ্টত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক পৰিয়ালসহ হত্যা কৰা হৈছিল।

বাংলাদেসত জিয়াউৰ ৰহমানৰ শাসনকালত বংগবন্ধুৰ হত্যাকাৰীসকলৰ বিচাৰ প্ৰক্ৰিয়া বন্ধ কৰি তেওঁলোকক চৰকাৰী উচ্চ পদত নিয়োগ কৰা হৈছিল। শনিবাৰে ফাঁচী কাৰ্যকৰী হোৱা হত্যাকাৰী আব্দুল মাজেদো পুৰস্কৃত হৈছিল।

১৯৯৬চনত আৱামী লীগ ক্ষমতালৈ অহাৰ পাছত উক্ত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ইয়াৰ পাছতে সেনাবাহিনীৰ উচ্চ পদত কাৰ্যনিৰ্বাহ কৰা আব্দুল মাজেদে আত্মগোপন কৰিছিল।

যোৱা মঙলবাৰে ঢাকাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আব্দুল মাজেদ।

বংগবন্ধুৰ হত্যাকাণ্ডত মুঠ ১২ জনৰ বিৰুদ্ধে  দেশখনৰ সৰ্বোচ্চ আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল।

বিগত ২০১০ চনৰ ২৭ জানুৱাৰিত ইয়াৰে পাঁচজনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হয়। আনহাতে, পাঁচজন হত্যাকাৰী এতিয়াও পলাতক হৈ আছে। তদুপৰি, ২০০২চনত আন এজন অভিযুক্ত হত্যাকাৰীৰ পলাতক অৱস্থাতে জিম্বাবুৱেত মৃত্যু হয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd