NORTHEAST NOW (Assamese)

চৰকাৰৰ বিকাশৰ স্বৰূপ! বছৰ বছৰ ধৰি পকী নহ’ল পথ; নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গাঁৱবাসীৰ

June 28, 2022 1:18 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

ৰাস্তা ঘাট পকী কৰি ৰাজ্যৰ উন্নয়ণ হোৱা বুলি দাবী কৰা বিজেপি চৰকাৰৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপ উদঙাইছে এখন গাঁৱৰ ৰাইজে। দশক দশক ধৰি পকী নহ’ল গাঁওখনৰ এটা পথ। যাৰ বাবে গাওঁবাসীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে।

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বানমুখ কাৱৈমন গাঁৱৰ ৰাজহুৱা পথটো এজাক বৰষুণতেই ডুব যায়। স্থানীয় ৰাইজে মাটি দি ওখ কৰিছিল যদিও বৰষুণ দিলে একাঁঠু পৰ্যন্ত বোকা হয়। যাৰ বাবে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীকে ধৰি ৰোগী তথা সাধাৰণ ৰাইজ বাৰুকৈয়ে সমস্যাত পৰিছে।

ফটো: নৰ্থইষ্ট নাও।

উক্ত পথটো নিৰ্মাণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক বহুবাৰ আৱেদন কৰিছে যদিও কোনো কানসাৰ দিয়া নাই।

ইপিনে, স্থানীয় ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী যোগেন মহনকে ধৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক পথটো নিৰ্মাণ কৰি দিবলৈ আৱেদন কৰিছিল যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ফটো: নৰ্থইষ্ট নাও।

গাঁওবাসীয়ে এই নেতাসকলে তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। যাৰ বাবে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লৈছে বানমুখ কাৱৈমন গাঁওবাসীয়ে।

Related News