NORTHEAST NOW (Assamese)

কৃষ্ণাইৰ দায়ৰং গাঁওবাসীয়ে নিজাববীয়াকৈ সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ

May 14, 2020 11:45 am · এন ই নাও নিউজ
Updated: May 14, 2020 11:50 am
ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’নাই সমগ্ৰ দেশৰ লগতে শেহতীয়াকৈ অসমতো সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোক সকল অসমলৈ আহিবৰ বাবে ইতিমধ্যে কেইবাখনো ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

সেই লোকসকলক কোৱাৰেণ্টাইন চেণ্টাৰত বা হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা চৰকাৰে কৰিব বুলিও ঘোষণা কৰিছে।

ইয়াৰ মাজতে আকৌ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পশ্চিম দায়ৰং গাঁৱৰ বাসিন্দাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। গাঁওখনৰ ৰাইজে নিজাববীয়াকৈ সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ।

বহিঃৰাজ্যৰ পৰা গাঁওখনলৈ অহা যিকোনো লোককে এই চেন্টাৰটোতে কোৱাৰেণ্টাইন হৈ থকাৰ ব্যৱস্থা কৰিছে গাঁওবাসীয়ে। অকল কোৱাৰেণ্টাইন চেন্টাৰে নহয়, তাত থকা সকলো লোককেই খাদ্যৰ যোগান ধৰিব বুলিও জানিব পৰা গৈছে।

চেন্টাৰটোত ইতিমধ্যে ৯ জন লোক কোৱাৰেণ্টাইন হৈ আছে।

বহিঃৰাজ্যৰ পৰা অহা কোনো লোকৰ দেহত যদি ক’ৰ’নাৰ মাৰাত্মক ভাইৰাছবিধ আহেও সেই ভাইৰাছ যাতে গাঁৱৰ মানুহ বা অইন লোকৰ দেহলৈ সংক্ৰমণ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই গাঁওবাসীয়ে এই ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।

বহিঃৰাজ্যৰ পৰা আৰু আহিব লগা গাঁৱৰ শতাধিক লোকক ইয়াতে কোৱাৰেণ্টাইন কৰাৰ বাবে ৰাইজে প্ৰস্তুত হৈ আছে৷

Related News