NORTHEAST NOW (Assamese)

বজাৰগৃহ নিৰ্মাণত অনিয়ম : হস্তক্ষেপ বিচাৰি উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কাচাৰীঘাটবাসীৰ

September 20, 2018 7:52 pm · মুকেশ কুমাৰ সিং
Updated: September 20, 2018 7:57 pm

যি সময়ত সৰ্বানন্দ সোণোৱালৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দাবী কৰিছে আৰু আনহাতে গাঁও পঞ্চায়ত পৰ্যায়ত তেওঁৰ বিষয়া কৰ্মচাৰীয়ে ৰাজহুৱা ধন আত্মসাৎ কৰাৰ এটা সুযোগো হাতৰ পৰা এৰি দিয়াৰ পক্ষত নথকাটো প্ৰতিপন্ন হৈছে। কিন্তু এই ক্ষেত্ৰত কেতিয়াবা জনসাধাৰণো জাগি উঠাৰ ঘটনা পৰিলক্ষিত হয়।

তেনে এটা ঘটনাৰ সাক্ষী হৈছে ধুবুৰীৰ পৰা ১৫ কি:মি: দূৰত্বত অৱস্থিত কাচাৰীঘাট গাঁও। কাচাৰীঘাটত ২৫ লাখ টকা ব্যয়সাপেক্ষ ৩টা বজাৰগৃহ নিৰ্মাণৰ কামত চৰম অনিয়মৰ অভিযোগ তুলি কাচাৰীঘাটৰ গাঁৱবাসীয়ে ধুবুৰীৰ জিলা উপায়ুক্তলৈ এখন লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ আৰু ব্যক্তিগত তদন্তৰ দাবী কৰে।

কাচাৰীঘাটৰ মোছাফাকুল আজাদ নামৰ এজন লোকে অভিোযগ তুলিছে যে ১৩সংখ্যক বিত্ত আয়োগৰ অধীনত কাচাৰীঘাটত বজাৰগৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰে ২৫,০০০ টকা অনুমোদন কৰিছিল যদিও প্ৰকল্পটো ৰূপায়িত কৰাৰো দায়িত্বত থকা ধুবুৰী জিলা পৰিষদৰ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীসকলে  এই ধনখিনি হৰণলুকী কৰিছে। ৩টা বজাৰগৃহৰ দুটা সম্পূৰ্ণ কৰি কাগজে-কলমে তিনিওটাই সম্পূৰ্ণ কৰাটো দেখুৱাই টকাখিনি হস্তগত কৰিছে।

অভিযোগটোত গাঁৱবাসীয়ে অৰু অভিযোগ কৰে যে নিৰ্মাণ সম্পূৰ্ণ হোৱা বজাৰগৃহদুটাৰ নিৰ্মাণ অতি নিম্ন মানদণ্ডৰ হৈছে।

Related News