NORTHEAST NOW (Assamese)

গোলাঘাট তৰফাৎ গাঁৱত পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে গাঁওবাসীৰ প্ৰতিবাদ

September 28, 2021 3:29 pm · মীনাক্ষী ফুকন, গোলাঘাট
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটৰ তৰফাৎ গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত পঞ্চায়তত চলি থকা  দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ নামিল গঞা ৰাইজ।

অভিযোগ অনুসৰি পঞ্চায়তৰ বিভিন্ন আঁচনি তথা জব কাৰ্ডৰ ব্যাপক দুৰ্নীতি চলিছে গোলাঘাটৰ গাঁও পঞ্চায়তত।

পঞ্চায়তৰ সভাপতি বিকুল গগৈ, ৩ নং ৱাৰ্ড সদস্য আৰবিন্দ লালা আৰু পঞ্চায়তৰ পূৰ্বৰ সচিব ৰফিকুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ এই অভিযোগ ৰাইজৰ।

পঞ্চায়তৰ বিভিন্ন আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ  অভিযোগ উত্থাপন কৰিছে ৰাইজে।

ইয়াৰোপৰি ২০১৯ চনৰ পৰা জব কাৰ্ডৰ কৰ্মচাৰী সকলক প্ৰাপ্য ধন প্ৰদান কৰা নাই পঞ্চায়তে।

জব কাৰ্ডৰ সমুদায় ধন পঞ্চায়ত সভাপতি বিকুল গগৈ আৰু অৰবিন্দ লালাই আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ আনিছে গঞা ৰাইজে ।

অনতিপলমে চৰকাৰক গোলাঘাট গাওঁ পঞ্চায়ত হোৱা দুৰ্নীতিৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে।

Related News