NORTHEAST NOW (Assamese)

কৰ’না: বাহিৰৰ পৰা অহা নিজ গাঁৱৰে লোকক প্ৰৱেশত বাধা; যুৱকে দিছে পহৰা

March 27, 2020 7:03 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে গোটেই দেশতে লকডাউন চলি থকাৰ সময়ত বিভিন্ন চহৰ তথা গাঁৱৰলোক নিজৰ পৰিয়ালৰ স্বাস্থ্যক লৈ সতৰ্ক হৈ পৰিছে।

লকডাউন হোৱাৰ পাছত বিহাৰৰ বাহিৰত থকা বহু লোক নিজ ৰাজ্যলৈ উভতি আহিছে। ইয়াৰ ভিতৰত বহুতৰে থাৰ্মেল স্কীনিং কৰা হৈছে।

ইয়াৰ পাছতো দেশৰ বিভিন্ন চহৰত আৱদ্ধ হৈ থকা বহু লোকে ঘৰলৈ উভতি আহিব বিচাৰিছে। এই সকলৰ ভিতৰত কাম বন্ধ হৈ পৰা শ্ৰমিকৰ সংখ্যাই অধিক।

বিহাৰত যিসকল লোক আন ৰাজ্যৰ পৰা আহিছে, তেওঁলোকক গাঁৱৰ স্কুলত কমেও ১৪ দিন ৰখাৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ তাত খোৱাবোৱাৰ ব্যৱস্থাও কৰা হৈছে। কিন্তু তেওঁলোকক নিজৰ পৰিয়ালৰ সৈতে লগ হ’বলৈ দিয়া হোৱা নাই।

বিহাৰৰ কেইবাখনো গাঁৱত গাঁৱবাসীয়ে নিজেই এনে ব্যৱস্থা কৰিছে যাতে কৰ’না ভাইৰাছ বিয়পিব নোৱাৰে। বেছিভাগ গাঁৱতে বাধা আৰোপ কৰা হৈছে।

যুৱকসকলে পহৰা দি আছে আৰু গাঋৱত কোনো বাহিৰৰ পৰা অহা লোকক প্ৰৱেশ কৰাত বাধা দিয়া হৈছে।

গাওঁবাসীয়ে কৈছে যে কৰ’না ভাইৰাছ অতি বিপদজনক আৰু ই এজনে আনজনৰ সৈতে সম্পৰ্কত আহিলে বিয়পে।

বিহাৰৰ দাৰভাংগা, মুজাফ্ফৰপুৰ, মধুবনী,মতিহাৰী আৰু ঔৰংগাবাদৰ দৰে জিলাত এনেধৰণৰ ব্যৱস্থা কৰা হৈছে।

এই জিলাসমূহৰ গাঁৱবোৰত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ গাঁৱবাসীয়ে “ন’ এন্ট্ৰি’ বোৰ্ড লগাই দিছে। কিছুমান গাঁৱত যান-বাহনৰ প্ৰৱেশতো বাধা দিয়া হৈছে।

গাঁৱবাসীৰ স্পষ্ট মত হ’ল যে কৰ’না ভাইৰাছে আত্মীয়-কুটুম্ব বিচাৰ নকৰে, সেয়েহে সাৱধানতা অত্যন্ত জৰুৰী।

Related News