NORTHEAST NOW (Assamese)

তেতেলীসৰা গাঁও পঞ্চায়তত নিৰ্বাচন বৰ্জনৰ হুংকাৰ ৰাইজৰ

November 19, 2018 10:35 pm · মিণ্টু দাস
তেতেলিসৰা গাঁৱৰ ৰাইজে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছে। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তেতেলীসৰা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ৰাইজে তেওঁলোকক দীৰ্ঘদিন পঞ্চায়ত প্ৰতিনিধিসকলে বঞ্চিত কৰাৰ অভিযোগ তুলি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ ভাবুকি দিয়ে। তদুপৰি ক্ষুভিত ৰাইজে আজি প্ৰতিবাদো সাব্যস্ত কৰে।

উল্লেখ্য যে, তেতেলীসৰা গাঁও পঞ্চায়তৰ পৰা ইয়াৰ সভাপতি হিচাপে অগপৰ প্ৰাৰ্থী হিচাপে অমিয় হাজৰিকা নিৰ্বাচিত হৈছিল।ইয়াৰ পূৰ্বেও অগপ নেতাজনৰ পত্নীও পঞ্চায়তটোৰ পৰা নিৰ্বাচিত হৈছিল। কিন্তু তেওঁলোকৰ কাৰ্যকালত পঞ্চায়তটোৰ সাত নম্বৰ ৱাৰ্ডৰ বিশেষ উন্নয়ন নহ’ল।

বিশেষকৈ বিগত কাৰ্যকালত পঞ্চায়ত সভাপতি অমিয় হাজৰিকাক এটা পথৰ উন্নীতকৰণৰ বাবে ৰাইজে বহু বাৰ আবেদন কৰাৰ পাছতো তেওঁ পথটোৰ নিৰ্মাণ বা উন্নীতকৰণৰ ব্যৱস্থা নল’লে। কামপুৰ-কঠিয়াতলীৰ পৰা নতুন মাজৰআটিলৈ যোৱা এই পথটোৰ উন্নীতকৰণৰ ব্যৱস্থা নকৰাৰ বাবে বাৰিষা বতৰত যাতায়ত ব্যৱস্থা বিহিত হৈ পৰে।

ৰাইজৰ উন্নয়নলৈ পিঠি দিয়া পূৰ্বৰ পঞ্চায়ত সভাপতিগৰাকীকে পুনৰবাৰ অগপৰ দলীয় টিকটত পঞ্চায়তটোৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়াত জাঙুৰ খাই উঠিছে ৰাইজ। ৰাইজে আজি পূৰ্বৰ পঞ্চায়ত সভাপতি তথা বৰ্তমানৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ৰাইজে এইবাৰ পঞ্চায়তৰ প্ৰাৰ্থী সকলক ৱাৰ্ডটোত প্ৰবেশ কৰিবলৈ নিদিয়ে বুলি হুংকাৰ দি পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বুলিও সদৰী কৰে।

Related News