ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ গৃহ জিলাত বিশুদ্ধ খোৱা পানীক লৈ অথন্তৰ

মৰিগাঁৱত ঠিকাদাৰৰ মইমতালিৰ বাবে তিনি মাহে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত গাঁওবাসী

a mori

প্ৰতিনিধিত্বমূলক ছবি

বানবিধস্ত মৰিগাঁৱত পথ নিৰ্মাণৰ নামত চলিছে একাংশ ঠিকাদাৰৰ মইমতালি ৷

পকীপথ নিৰ্মাণ কৰি যাতায়ত সুচল কৰিছে থিকেই কিন্তু পথ নিৰ্মাণ কৰিবলৈ গৈ এজন ঠিকাদাৰৰ মইমতালিৰ বাবে বিগত তিনি মাহে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে মৰিগাঁও জিলাৰ দন্দুৱাৰ তিনি শতাধিক পৰিয়াল ৷

দন্দু্ৱাৰ স্থানীয় ৰাইজে অভিযোগ কৰা মতে, তিনি মাহৰ পূৰ্বে দন্দুৱা দৰ্গাহৰ পৰা দন্দুৱা হালধিবাৰী সংযোগী পথটো নিৰ্মাণৰ ঠিকা গ্ৰহণ কৰিছিল গাঁৱৰে জনৈক নাথ উপাধিৰ এজন ঠিকাদাৰে ৷

পথটো নিৰ্মাণৰ বাবে মাটি খান্দোতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগানৰ পাইপ ফাটি গৈছিল ৷

এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী আৰু খোৱা পানীৰ পৰা বঞ্চিত হৈ থকা দন্দুৱাৰ ৰাইজে পাইপ মেৰামতি কৰি পুনৰ পানী যোগান ধৰিবলৈ বহুবাৰ ঠিকাদাৰ জনক অনুৰোধ কৰি আহিছিল যদিও কোনো গুৰুত্ব নিদি নিজা মইমতালিৰে বিষয়টোৰ পৰা আঁতৰি আছে বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

শেহতীয়াকৈ ঠিকাদাৰ জনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
আনহাতে নিৰ্মাণৰ সম্পূৰ্ণ এমাহ নৌহওঁতেই ঠায়ে ঠায়ে খহি যাবলৈ ধৰিছে পথটোৰ বিভিন্ন অংশ যাৰ ফলত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জনে অতি নিম্ন মানৰ কাম কৰি লক্ষ লক্ষ টকা আত্মসাৎ কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

সেয়ে বিষয়টোৰ ক্ষেত্ৰত সংশ্লিষ্ট পক্ষ তথা জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰে উক্ত সমস্যা নিৰাময় কৰিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে ।