NORTHEAST NOW (Assamese)

লোকসভালৈ সাজু কংগ্ৰেছ : চিলং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ ভিনচেণ্ট পালাই

October 29, 2018 11:05 am · এন ই নাও নিউজ
Updated: October 29, 2018 11:24 am
ইণ্টাৰনেটৰ পৰা সংগৃহীত সাংসদ ভিনচেণ্ট পালাৰ ফাইল ফটো

আগন্তুক লোকসভা নিৰ্বাচনলৈ সাজু হৈছে মেঘালয় কংগ্ৰেছ। ২০১৯ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মেঘালয়ৰ অতি সন্মানীয় চিলং সমষ্টিৰ পৰা পুনৰবাৰ কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ ভিনচেণ্ট পালাই।

মেঘালয় কংগ্ৰেছৰ মুখপাত্ৰ এইচ এম চাংপ্লিয়াঙে এক ঘোষণাৰ জৰিয়তে চিলং সমষ্টিৰ পৰা ভিনচেণ্ট পালাই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জনায়। আনহাতে ৰাজ্যখনৰে আন এটা লোকসভা সমষ্টি তুৰাৰ বাবে এতিয়ালৈ প্ৰাৰ্থী ঠিৰাং হোৱা নাই বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এসময়ৰ কংগ্ৰেছৰ ঘাটি হিচাপে পৰিচিত তুৰা সমষ্টিৰ পৰা পূৰ্ণ আঘিটোক চাংমাই কংগ্ৰেছ সাংসদ হিচাপে বহুবাৰ নিৰ্বাচিত হৈছিল। কিন্তু চাংমাই দল ত্যাগ কৰাৰ পাছৰ পৰাই তুৰা সমষ্টিত এই পৰ্যন্ত কংগ্ৰেছ দলৰ হৈ কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হোৱা নাই।

ইফালে চিলঙৰ সাংসদ ভিনচেণ্ট পালা এগৰাকী সুদক্ষ সাংসদ বুলিও অভিহিত কৰে কংগ্ৰেছৰ মুখপাত্ৰ এইচ এম চাংপ্লিয়াঙে।

কংগ্ৰেছ দলে নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসনাধিষ্ঠ দল এন পি পি। দুয়োটা সমষ্টি অৰ্থাৎ চিলং আৰু তুৰাৰ বাবে শাসনাধিষ্ঠ দলটোৱে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ উদ্দেশ্যে সহযোগী দলসমূহৰ লগত ধাৰাবাহিকভাৱে বৈঠক তথা সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে। কিন্তু জানিব পৰা মতে এই পৰ্যন্ত কোনো এটা সমষ্টিৰ বাবেই প্ৰাৰ্থী ঠিৰাং হোৱা নাই।

Related News