নিৰ্বাচনী আচৰণ বিধি ভংগ : বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰৱ্যসহ ১১০ কোটিৰো অধিক ধন জব্দ

index.jpgk

চলিত অসম বিধান সভা নিৰ্বাচন-২১ ৰ আদৰ্শ আচৰণ বিধি যোৱা ২৬ ফেব্ৰুৱাৰীত বলবৎ হোৱাৰ পৰা নগদ ধন আৰু অন্যান্য সা-সামগ্ৰী মিলি এতিয়ালৈকে অভিলেখ সংখ্যক ১১০৮৩ কোটি টকা জব্দ কৰা হৈছে।

অসম আৰক্ষী, ফ্লায়িং স্কোৱাড,স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগ আদি প্রৱৰ্তক আৰু নিয়ামক কৰ্তৃপক্ষসমূহৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা জব্দ কৰা হৈছে।

যোৱা ২৬ ফেব্ৰুৱাৰীত আচৰণ বিধি বলবৎ হোৱাৰ পৰা এতিয়ালৈ সৰ্বমুঠ ২৪.৫০ কোটি টকা নগদ ধন জব্দ কৰাৰ সমান্তৰালভাৱে অবৈধ সুৰাকে ধৰি ৮৬.৩২ কোটি টকাৰ সা-সামগ্ৰী জব্দ কৰা হৈছে।

ইয়াৰ ভিতৰত অবৈধ সুৰাৰ পৰিম|ণ ১৬.৬১ লিটাৰ আৰু এই সুৰাখিনিৰ বজাৰ মূল্য ৩৩.৪৪ কোটি টকা।

আনহাতে স্থিৰ নিৰীক্ষণকাৰী গোট আৰু ফ্লায়িং স্কোৱাডে পৃথকে পৃথকে চলোৱা অভিযানত এতিয়ালৈকে ৩৪.২৯ কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ ভিতৰত আছে— হিৰোইন 8,২২৬.৮১গ্রাম, টেবলেট ১,৭৪,০৮৮টা, ক্ৰিষ্টেল্লাইন মেথামফেটামাইন-১০.২৭ কিলোগ্ৰাম, কেপচুল- ১,২২,১০০টা, গাঞ্জা-৬,৮৯২.৮২৩ কিলোগ্ৰাম, মৰ্ফিন-১,০০০ গ্রাম আৰু ব্ৰাউন চুগাৰ ২৫২.৮৫ গ্রাম।

তদুপৰি ৩.৬৮ কোটি টকা মূল্যৰ ২,৫৮২.৫ গ্রাম সোণ-ৰূপৰ অলংকাৰ জব্দ কৰা হৈছে।

ইয়াৰোপৰি ১৪.৯১ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, জালুক, পপ্পী চিডকে ধৰি অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন সামগ্ৰীও জব্দ কৰা হয়।

বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যয় বিধি উলংঘন সম্পৰ্কীয় ৫০ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। সমান্তৰালভাৱে আবকাৰী আইন ভংগ কৰাৰ বাবেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৫,২৩৪খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

যোৱা৩০ মাৰ্চলৈকে নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় ১,২৭২টা অভিযোগ cVIGILLএপৰ যোগেদি লাভ কৰা হৈছে আৰু ইয়াৰে ৯০৮টা অভিযোগৰ সত্যতা নিৰূপন কৰি বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে বি-৯ প্রপত্ৰৰ যোগেদিও ১,৪২৪টা লিখিত অভিযোগ লাভ কৰা হৈছে। এনেদৰে নগদ ধনৰ অবৈধ লেনদেন, সুৰা, ড্ৰাগছ, অলংকাৰ আৰু অন্যান্য অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰীক্ষণ দল, প্রৱৰ্তক আৰু নিয়ামক কৰ্তৃপক্ষসমূহে ২৪ ঘন্টাই তদাৰক কৰি আছে।