NORTHEAST NOW (Assamese)

জনজাতীয় কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ: পশ্চিমবংগত পুনৰ উদ্ভৱ হিংসাত্মক পৰিস্থিতিৰ

April 22, 2023 7:38 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ হিংসাত্মক পৰিস্থিতি বিৰাজিত হৈছে পশ্চিমবংগত। ৰাজ্যখনৰ কলিয়াগঞ্জত এগৰাকী জনজাতীয় কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ভাইৰেল হোৱা এক ভিডিঅ’ত আৰক্ষীৰ লোকে ভুক্তভোগী কিশোৰীগৰাকীৰ মৃতদেহ ৰাজপথৰ মাজেৰে টানি নিয়াৰ দৃশ্য প্ৰকাশৰ পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। পিছত স্থানীয় ৰাইজে মৃতদেহটো উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উত্তৰ দিনাজপুৰ জিলাৰ গংগুৱা গাঁৱৰ বাসিন্দা কিশোৰীগৰাকী বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ বাবে যোৱাৰ পিছতে নিৰুদ্দেশ হয়।

আত্মীয়-স্বজন আৰু গাঁৱৰ মানুহে সমগ্ৰ নিশা ব্যাপক অনুসন্ধান কৰাৰ পিছতো কিশোৰীগৰাকীৰ সন্ধান উলিয়াব পৰা নাছিল। ইয়াৰ পিছতে উত্তেজিত স্থানীয় লোকে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এনে পৰিস্থিতিত অঞ্চলটোত যথেষ্ট আৰক্ষী বাহিনী মোতায়েন কৰা হয়। স্থানীয় ৰাইজেও টায়াৰ জ্বলাই পথ অৱৰোধ কৰি আৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে, ঘটনাৰ পিছতে ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্ৰেছক আক্ৰমণ কৰে বিজেপিয়ে। দলটোৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত একাংশ আৰক্ষী বিষয়াই ভুক্তভোগী কিশোৰীগৰাকীৰ মৃতদেহ টানি লৈ যোৱা দেখিবলৈ পোৱা গৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উত্তৰ দিনাজপুৰৰ আৰক্ষী অধীক্ষক ছানা আখতাৰে কয় যে ধৰ্ষণ আৰু হত্যাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আখতাৰে লগতে উল্লেখ কৰা মতে কিশোৰীগৰাকীৰ মৃতদেহৰ কাষত এটা বটল পোৱা গৈছে। বটলটোত বিহ থকা বুলি সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু মৃত্যুৰ কাৰণ বিশ্লেষণৰ বাবে মেডিকেল ব’ৰ্ড গঠন কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, ভুক্তভোগীৰ মৃতদেহত কোনো ধৰণৰ আঘাতৰ চিন লক্ষ্য কৰা হোৱা নাই। ইফালে, ৰাষ্ট্ৰীয় মহিলা আয়োগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিম বংগ আৰক্ষীক এই বিষয়ত হস্তক্ষেপ কৰি ন্যায্য তদন্ত নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে।

Related News