NORTHEAST NOW (Assamese)

ছিপাঝাৰৰ ঢলপুৰত আৰক্ষী-উচ্ছেদিত প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ; নিহত এজন প্ৰতিবাদকাৰী, আহত ৭ আৰক্ষী

September 23, 2021 7:14 pm · এন ই নাও নিউজ

ছিপাঝাৰৰ ঢলপুৰৰ উচ্ছেদস্থলীত আজি দুপৰীয়া ভাগৰ পৰা সৃষ্টি হয় যুদ্ধ সদৃশ পৰিস্থিতি।

বৃহস্পতিবাৰে পুৱাৰে পৰা চলা প্ৰশাসনৰ উচ্ছেদ অভিযানে বিয়লি বেলালৈ লয় ভয়াৱহ ৰূপ।

আৰক্ষীৰ গুলিত নিহত হয় এজন উচ্ছেদিত লোক।

আৰক্ষীক লক্ষ্য কৰি হাতত যাঠি লৈ চোঁচা লোৱা লোকজনৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষীৰ বৃহৎ দল।

কেৱল আৰক্ষীয়েই নহয়, আৰক্ষীৰ উপস্থিতিতে এজন ফটোগ্ৰাফাৰেও লোকজনক আক্ৰমণ কৰা দেখা গ’ল।

এই ভয়াৱহ ঘটনাৰ দৃশ্য কেমেৰাত বন্দী হয়।এই ভিডিওটো ভাইৰেল হৈ পৰাৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত এই ঘটনাটোক লৈ ইতিমধ্যে তোলপাৰ লাগিছে।

উল্লেখ্য যে,মৃত্যুৰ পাছতো লোকজনক আক্ৰমণ কৰি আছিল আৰক্ষী আৰু ফটোগ্ৰাফাৰজনে।

ফটোগ্ৰাফাৰ জনৰ নাম বিজয় শংকৰ বনিয়া বুলি জানিব পৰা গৈছে।

তেওঁ দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ফ’টোগ্ৰাফাৰ হিচাপে কৰ্মৰত।

অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজয় বনিয়াক।

ইপিনে দৰং প্ৰশাসনে জনোৱা মতে স্থানীয় উচ্ছেদিত লোকৰ আক্ৰমণত আহত হয় ৭ গৰাকীকৈ আৰক্ষীৰ লোকো।

জানিব পৰা মতে আৰক্ষীৰ লোকসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইপিনে, এই উচ্ছেদৰ সময়ত সৃষ্টি হোৱা অ-প্ৰীতিকৰ পৰিস্থিতিৰ পাছতো মুখ্যমন্ত্ৰীয়ে সদম্ভৰে ঘোষণা কৰে, “কাইলৈও উচ্ছেদ চলিব আৰু আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰি যাব। আৰক্ষীয়ে নিজৰ আত্মৰক্ষাৰ বাবে গুলিচালনা কৰিছিল।”

ইপিনে সামাজিক মাধ্যমত উচ্ছেদৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বহু ব্যক্তিয়ে। উচ্ছেদিতৰ খাদ্য-বাসস্থানৰ প্ৰশ্ন নিশ্চিত নকৰাকৈ কৰা এনে উচ্ছেদক বৰ্বৰ আখ্যা দিয়া পৰিলক্ষিত হৈছে।

তাৰ পাছতো মুখ্যমন্ত্ৰী শৰ্মাৰ এনে সদম্ভ ঘোষণাক বহু লোকে ধিক্কাৰ জনাইছে।

Related News