ইণ্ডোনেছিয়াত ট্ৰাক আগুচি ধৰিলে জুৰাছিক যুগৰ কমডো ড্ৰেগনে, তাৰ পিছত কি হ’ল পঢ়ক

a com

সন্মুখত সাক্ষাৎ যম। দেখি পলোৱাৰ বাদে কোনো বিকল্প নাই।

তেনে এক ঘটনাই ঘটিছে ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াৰ ৰিনকা দ্বীপত এটা প্ৰকাণ্ড কমডো ড্ৰেগনে এখন ট্ৰাক আগচি ধৰাৰ এখন ছবি এতিয়া ভাইৰেল হৈ পৰিছে।

জুৰাচিক পাৰ্ক ছবি খন যিসকলে চাইছে তেওঁলোকৰ মনত হয়তো দৈত্যাকাৰ ডাইন’চৰৰ ছবি আজিও সজীৱ হৈ আছে।

এটা সময়ত ভাৰতবৰ্ষকে ধৰি বিশ্বৰ বিভিন্ন স্থানত তৃণভোজী ডাইন’চৰ বোৰে বিচৰণ কৰি ফুৰিছিল।

কিন্তু হঠাতে পৃথিৱীৰ পৰা চিৰ দিনৰ বাবে হেৰাই গ’ল দৈত্যাকাৰ ডাইন’চৰ বোৰ।

ৰৈ গ’ল ডাইন’চৰৰে বংশধৰ কমডো ড্ৰেগন। বিশ্বৰ ভিতৰতে সৰ্বাধিক কমডো ড্ৰেগন থকা দেশ খন হৈছে ইণ্ডেনেছিয়া।

ইণ্ডেনেছিয়াৰ কমডো নেছনেল পাৰ্কতেই প্ৰায় ২,০০০ কমডো ড্ৰেগনে বাস কৰে।

দেশ খনৰ ৰিনকা দ্বীপত প্ৰায়ে কমডো ড্ৰেগনৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে বহু পৰ্যটক।বিশ্বৰ সৰীসংপ প্ৰজাতিৰ ভিতৰত সৰ্ববৃহৎ সৰীসৃপ কমডো ড্ৰেগনে ডাইন’চৰে চলোৱাৰ দৰেই আক্ৰমণ চলায়।

এই প্ৰাণী বিধ সচৰাচৰ মানুহৰ সংস্পৰ্শলৈ আহিবলৈ নিবিচাৰে যদিও পৰিস্থিতি সাপেক্ষে মানুহৰ মুখামুখী হ’লে বিপদ অনিবাৰ্য।

ৰিনকা দ্বীপত কমডো ড্ৰেগনে আগ ভেটি ধৰা ট্ৰাক খনত থকা লোকসকলে কিবাকৈ পলাইহে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।