প্ৰয়োজন মাত্ৰ ৩৮ ৰানৰ: অন্য এক ‘এলিট লিষ্ট’ত নাম পঞ্জীয়নৰ দিশে বিৰাট কোহলী

Virat Kohli

সুদীৰ্ঘ এটা দশক জুৰি হাতত বেট লৈ ২২ গজৰ যুঁজত দপদপাই থকা ভাৰতৰ ক্ৰিকেট তাৰকা বিৰাট কোহলীক ক্ৰিকেট বিশ্বত জনা যায় ‘বিৰাট: দ্য আনষ্টপেব’ল ৰান মেচিন কোহলী’ নামেৰে।

ইতিমধ্যে সমগ্ৰ বিশ্বৰ ক্ৰিকেট বিশেষজ্ঞ তথা প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে বিৰাট কোহলীক সাম্প্ৰতিক ক্ৰিকেট জগতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে স্বীকৃতি দিছে।

বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ মূল বেটিং স্তম্ভ বিৰাট কোহলী ভাৰতীয় ক্ৰিকেটৰ এক এলিট লিষ্টত অন্তৰ্ভূক্ত হোৱাৰ দিশে ধাৱমান হৈছে।

৪ মাৰ্চৰ পৰা ম’হালীত শ্ৰীলঙ্কাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া প্ৰথম টেষ্টত বিৰাট কোহলীয়ে এই তালিকাত নিজৰ নাম অন্তৰ্ভূক্তিৰ সুবিধা পাব।

শেহতীয়াকৈ ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদ ইস্তফা দিয়া কোহলীক ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোত ৮০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ মাত্ৰ ৩৮ ৰানৰ প্ৰয়োজন।

শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, সুনীল গাভাস্কাৰ, বীৰেন্দ্ৰ ছেহৱাগ আৰু ভিভিএছ লক্ষ্মণৰ দৰে তাৰকা ক্ৰিকেটাৰৰ পিছতে এই কৃতিত্ব অৰ্জন কৰা কোহলী কেৱল ষষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব।

টেষ্টখনত যদি কোহলীয়ে ভাৰতৰ প্ৰথম ইনিংছত প্ৰয়োজনীয় ৩৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁ শচীন তেণ্ডুলকাৰ (১৫৪ ইনিংছ), ৰাহুল দ্ৰাবিড় (১৫৮ ইনিংছ) বীৰেন্দ্ৰ ছেহৱাগ (১৬০ ইনিংছ) আৰু সুনীল গাভাস্কাৰ (১৬৬ ইনিংছ)ৰ পিছতে দ্ৰুততম ৮০০০ ৰান সম্পূৰ্ণ কৰা ভাৰতীয় ক্ৰিকেটাৰৰ ক্ষেত্ৰত পঞ্চম স্থানত থাকিব। কোহলীয়ে এই পৰ্যন্ত ১৬৮ টা ইনিংছত ৭,৯৬২ ৰান সংগ্ৰহ কৰিছে।

আনহাতে উক্ত টেষ্টতে কোহলীয়ে আন এক ঈৰ্ষণীয় কৃতিত্বও অৰ্জন কৰিব। শুকুৰবাৰে টেষ্টখনত অৱতীৰ্ণ হোৱাৰ লগে লগে কোহলী ১০০ খন টেষ্ট খেলা কেৱল দ্বাদশ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ব।

অৱশ্যে শেহতীয়াকৈ এই তাৰকা খেলুৱৈজন স্বভাৱসিদ্ধ ফৰ্মত নাই। যোৱা দুটা বছৰত কেৰিয়াৰৰ আটাইতকৈ ব্যৰ্থ ফৰ্মত থকা কোহলী বৰ্তমান ৰানৰ সন্ধানত আছে। ২০১৯ চনৰ নৱেম্বৰত বাংলাদেশৰ বিৰুদ্ধে কোহলীয়ে টেষ্টত নিজৰ অন্তিমটো শতকীয় ইনিংছ খেলিছিল।

কেৰিয়াৰৰ ৭২ তম আন্ত: ৰাষ্ট্ৰীয় শতকৰ সন্ধানত থকা কোহলীয়ে নিজৰ শ্ৰেষ্ঠ ফৰ্ম ঘূৰাই পাব বুলি আশা কৰিছে ক্ৰিকেট অনুৰাগী সকলে

তদুপৰি শ্ৰীলঙ্কাই ২০১৭ চনত শেষবাৰৰ বাবে টেষ্ট শৃংখলাত ভাগ ল’বলৈ ভাৰত ভ্ৰমণ কৰাৰ সময়ত কোহলীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে ঈৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল।

উক্ত শৃংখলাটোত কোহলীয়ে ৩ খন টেষ্টত ৬১০ ৰাণ সংগ্ৰহ কৰিছিল। শৃংখলাটোত কোহলীয়ে একেৰাহে দুটা দ্বিশতকীয় ইনিংছ (নাগপুৰত ২১৩ আৰু দিল্লীত ২৪৩) খেলাৰ লগতে এটা শতকীয় ইনিংছ (কলকাতাত ১০৪) আৰু এটা অৰ্ধশতকীয় ইনিংছ খেলিছিল।