ভূটীয়া চাঙত বিস্কুট চাহ খাই জীৱনৰ সঁচা অৰ্থ বিচাৰি পালে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই

Virat Kohli And Anuska Sharma

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা, উৎস-ইণ্টাৰনেট

ক্ৰিকেটৰ পৰা সাময়িকভাৱে জিৰণি লৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মা বৰ্তমান ব্যস্ত আছে ভূটান ভ্ৰমণত।

বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ হিচাপে পৰিচিত ভূটানত অৱসৰ বিনোদনত ব্যস্ত থকা বিৰুস্কাই ভূটানৰ শান্ত আৰু নিভাজ জীৱন শৈলী দেখি অভিভূত হৈ পৰিছে।

সোমবাৰে কোহলী আৰু অনুষ্কাই ৮.৫ কিলোমিটাৰ পাহাৰত ভ্ৰমণ কৰি এখন ভূটীয়া গাঁৱত উপস্থিত হয়।

ভাগৰুৱা অৱস্থাত দেখি গাঁৱৰ এটা পৰিয়ালে দুয়োকো নিজৰ ঘৰলৈ চাহ খাবৰ বাবে আমন্ত্ৰণ জনায়।

কোহলী আৰু অনুষ্কাই পৰিয়ালটোৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু চাহ, বিস্কুট গ্ৰহণ কৰে।

‘‘পৰিয়ালটোৰ কোনো লোকে আমাক চিনি নাপায়। তেওঁলোকৰ বাবে আমি মাত্ৰ দুজন ভাগৰুৱা পৰ্যটক,’’ অনুষ্কাই নিজৰ ইষ্টাগ্ৰামত এনেদৰে উল্লেখ কৰে।

‘‘আমি এটা সাধাৰণ আৰু সুখী পৰিয়ালৰ সৈতে একেলগে কিছু সময় উপভোগ কৰিলো। আমাক নজনাকৈ, কোনো বিনিময় নিবিচাৰি তেওঁলোকে আমাক আপ্যায়ন কৰিলে। সঁচা জীৱনৰ অৰ্থ বিচাৰি পালো,’’ অনুষ্কাই লগতে লিখে।

উল্লেখযোগ্য যে, আজি বিৰাট কোহলীৰ জন্মদিন। জন্মদিন উপলক্ষে বৰ্তমান সময়ৰ বিশ্বৰ অন্যতম জনপ্ৰিয় খেলুৱৈ গৰাকীক অনুৰাগী সকলে শুভেচ্ছাৰে ওপচাই পেলায়।